নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত প্রথমবাৰৰ বাবে সম্পন্ন স্নায়ুৰ জটিল অস্ত্রোপচাৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ বৰাকৰ স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্রাৰ সংযোজনেৰে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্রথমবাৰলৈ সম্পন্ন হ’ল নিউৰ’ছার্জিকেল অপাৰেচন৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ছার্জাৰী বিভাগৰ বাবে ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়া বিশিষ্ট নিউৰ’ছার্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষ স্নায়ুৰোগ অস্ত্রোপচাৰ গোটে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনত আজি দুটাকৈ স্নায়ুজনিত অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰে৷ নিউৰ’ছার্জন ডাঃ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ তত্ত্বাৱধায়ক অধ্যাপক বিষ্ণু পিনাক এন জি আৰু ছিনিয়ৰ ৰেছিডেণ্ট চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথক লৈ গঠিত স্নায়ুৰোগ বিশেষজ্ঞ–ছার্জনৰ দলটোৱে মগজুত গুৰুতৰ আঘাত পোৱা এটি ১২ বছৰীয়া কিশোৰ আৰু এগৰাকী ৪০ বছৰীয়া লোকৰ শৰীৰত সফলতাৰে এই অস্ত্রোপচাৰ সম্পন্ন কৰে৷ অস্ত্রোপচাৰ সম্পন্ন হোৱা ৰোগী দুগৰাকী কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বাসিন্দা৷

বৃহস্পতিবাৰে জৰুৰী স্নায়ুজনিত অস্ত্রোপচাৰ হোৱা কিশোৰজনে গছৰ পৰা পৰি মূৰত গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে আনগৰাকী লোকক এটা পথ দুর্ঘটনাত পতিত হোৱাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ এই সফল অস্ত্রোপচাৰৰ পিছত সম্প্রতি দুয়োগৰাকী ৰোগীৰে স্বাস্থ্য সন্তোষজনক বুলি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীয়ে সদৰী কৰিছে৷

উল্লেখ্য যে বৰাক উপত্যকাবাসী প্রায় ৪০ লাখ জনসাধাৰণৰ সুবিধা হোৱাকৈ উপত্যকাটোতে স্নায়ুজনিত জৰুৰী চিকিৎসা তথা অস্ত্রোপচাৰ সেৱা উপলব্ধ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বিশিষ্ট নিউৰ’ছার্জন ডাঃ সম্বুদ্ধ ধৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্রোপচাৰ বিভাগৰ ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত যোৱা ১ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকত ডাঃ ধৰৰ নিযুক্তিত অনুমোদন জনোৱাৰ পিছত যোৱা ২২ অক্টোবৰত বিশিষ্ট নিউৰ’ছার্জনগৰাকীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিউৰ’ছার্জাৰী কনছালটেণ্ট হিচাপে যোগদান কৰে৷ বৰাকবাসীৰ স্বার্থত ৰাজ্য চৰকাৰে লোৱা এই গুৰুত্বপূর্ণ পদক্ষেপৰ পিছতে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্রথমবাৰলৈ সফলতাৰে দুটাকৈ নিউৰ’ছার্জিকেল অস্ত্রোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ বাবে ডাঃ সম্বুদ্ধ ধৰ, ডাঃ বিষ্ণু পিনাক এনজিসহ চিকিৎসক–ছার্জনৰ দলটোৰ সদস্যসকল আৰু চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

বৰাকবাসীৰ বাবে এই দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত স্নায়ুৰোগৰ চিকিৎসা আৰু অস্ত্রোপচাৰ বিভাগক আৰু অধিক উন্নীত কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে৷ এই বিভাগটোৰ বাবে বিশ্বমানৰ তথা অত্যাধুনিক প্রযুক্তিৰ যন্ত্র–পাতি অনাৰ বাবেও চৰকাৰে ইতিমধ্যে কার্যব্যৱস্থা গ্রহণ কৰিছে৷ আজি সন্ধিয়া কাছাৰৰ উপায়ুক্ত কীর্থি জলীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ গৈ সফল অস্ত্রোপচাৰ সম্পন্ন কৰা স্নায়ুৰোগ বিশেষজ্ঞ–ছার্জনৰ দলটোক স্বাস্থ্যমন্ত্রীৰ লগতে জিলা প্রশাসনৰ হৈ অভিনন্দন আৰু সম্বর্ধনা জনায়৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ স্বামীয়ে জনোৱা মতে, ৰাজ্য চৰকাৰে স্নায়ুৰোগ বিশেষজ্ঞ তথা ছার্জন ডাঃ ধৰক চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তি দিয়াৰ সূত্রে এতিয়াৰে পৰা বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছার্জাৰীৰ ছাত্র–ছাত্রীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নোযোৱাকৈ শিলচৰতে নিউৰ’ ছার্জাৰীৰ ব্যৱহাৰিক শিক্ষা–ভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব৷ তদুপৰি, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আগন্তুক বছৰসমূহত ৰাজ্যখনে ভৱিষ্যৎ প্রজন্মৰ নিউৰ’ছার্জন লাভ কৰাৰ বাটো ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তই মুকলি কৰা বুলি তেওঁ প্রকাশ কৰে৷ ইফালে, বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনত স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্রোপচাৰ বিভাগক শক্তিশালী ৰূপত গঢ়াৰ বাবে বিভাগটোত ডাঃ ধৰৰ লগতে বিভাগীয় তত্ত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি, জ্যেষ্ঠ আবাসিক চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথ আৰু ছার্জাৰী বিভাগৰ স্নাতকোত্তৰ মহলাত অধ্যয়নৰত চিকিৎসক–ছাত্রসক লৈ এটা বিশেষ নিউৰ’ছার্জাৰী গোট গঠন কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই৷ অহা ১ নৱেম্বৰৰ পৰা সপ্তাহৰ প্রতি মঙল আৰু বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত স্নায়ুৰোগ বিভাগৰ বহিঃচিকিৎসা সেৱা (অ’পিডি)ও মুকলি কৰা হ’ব৷

You might also like