নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি পি চলিহা কলেজলৈ নাকৰ মূল্যায়নত বি+ গ্ৰেড 

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ নাক’ৰ মূল্যায়নৰ মাপকাঠিত কামৰূপৰ জকাইচুকীয়া নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ে বি+ গ্ৰেড লাভ কৰাত অঞ্চলবাসীৰ মনত উলাহৰ ঢৌ নামিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠকে আমাৰ প্ৰতিবেদকক জানিবলৈ দিয়া মতে এয়া এক আশাব্যঞ্জক সফলতা, নূন্যতম ব্যৱধানৰ বাবেহে বি++ পাবলৈ সক্ষম নহ’ল। মহাবিদ্যালয়ে লাভ কৰা চিজিপিএ’ ২.৬৯। অতিকে অনগ্ৰসৰ ঠাইত অৱস্থিত মহাবিদ্যালয়ৰ শোচনীয় বিত্তীয় অৱস্থা তথা দুৰ্বল আন্তঃগাঁথনি বহু কষ্টেৰে নেওঁচি লাভ কৰা এই সফলতাৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতি, আইকিউএচি, প্ৰাক্তন ছাত্ৰ সন্মিলন সমন্বিতে সকলোৰে শলাগ লয় অধ্যক্ষ ড° পাঠকে। আনহাতে নাকৰ মূল্যায়নত ভাল গ্ৰেড লাভ নকৰা শিক্ষানুষ্ঠানলৈ সময়ে-সময়ে বিভাগীয় কেতবোৰ সকীয়নিৰ মাজতেই বি+ ’গ্ৰেড’ৰ সফলতাক লৈ মহাবিদ্যালয় খনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠকক যথেষ্ট উৎফুল্লিত দেখা গৈছে। নিঃসন্দেহে অনগ্ৰসৰ বৃহত্তৰ নগৰবেৰা বাসীৰ বাবে এয়া এক বৃহৎ প্ৰাপ্তি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like