নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাত বি এইচ বি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘আলোক’ উন্মোচন

 

 

নিয়মীয়া বাৰ্তা ,১২ এপ্ৰিলঃ ‘সমাজত প্ৰতিষ্ঠিত প্ৰত্যেকগৰাকী লেখক-লেখিকাৰ লেখক জীৱনৰ আদিপাঠ গ্ৰহণৰ কঠীয়াতলী হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আলোচনীসমূহ।লেখক জীৱনৰ সৃষ্টিশীলতাৰ উন্মেষ ঘটে এই আলোচনীসমূহত।সমাজৰ বৰেণ্য শিল্পী-সাহিত্যিকসকলে এনেবোৰ আলোচনীৰ পাততে নিজৰ মগজু কৰ্ষণৰ জৰিয়তে নিজৰ সৃষ্টিকৰ্মক অধিক প্ৰাণৱন্ত আৰু সমুজ্জল কৰি তোলাৰ লগতে সমাজক দিগদৰ্শন কৰি আহিছে। তেনে এগৰাকী বৰেণ্য লেখক সৃষ্টিত এনে আলোচনীসমূহৰ অবদান যথেষ্ট বেছি।’ আজি স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ ডিজিটেল‌ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ সঞ্চালনাত মহাবিদ্যালয়খনৰ ২০২১-২২ বৰ্ষৰ শৈক্ষিক আলোচনী ‘আলোক’ উন্মোচন কৰিবলৈ গৈ স্থানীয় বিদ্যামন্দিৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নিবন্ধকাৰ গপেশ চন্দ্ৰ দাসে এনেদৰে মন্তব্য কৰে।উন্মোচক গৰাকীয়ে এসময়ত মহাবিদ্যালয়সমূহৰ‌ পৰা প অ কৰা স্বাভাবিকতেই এনেকুৱা একোখন আলোচনী অধিক স আলোচনীসমূহৰ পাততেই কৰ্ষিত বহুকেইগ পাতত বি এইচ বি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী উন্মোচন অধ্যক্ষ–আলোচনী এখন মহাবিদ্যালয় এখনৰ দাপোন স্বৰূপ।যিসকলৰ কলা-সাহিত্য- সংস্কৃতি আদিৰ প্ৰতি ৰাপ নাই তেওঁলোক পশুতুল্য।সংস্কৃতৰ এক শ্লোকৰ উদ্ধৃতিৰে কয় তেওঁ।আলোচনী এখনে মহাবিদ্যালয়খনৰ বৌদ্ধিক,চিন্তন আৰু মনস্তাত্বিক চিন্তা -চেতনাৰ পৰিচয় দিয়ে।সমাজ আমাৰ কাৰণে আৰু আমি সমাজৰ কাৰণে,এই দৃষ্টিভঙ্গীৰে আমি আগবাঢ়ি যাব লাগিব। তেওঁ মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ তত্বাৱধায়কসকলক আৰু অধিক সক্ৰিয় হৈ মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে আগবাঢ়ি যাবলৈ আহ্বান জনায়।বিদ্যা থাকিলে পৃথিৱীৰ সকলোতকৈ ধনী বুলি কয়। ছাত্ৰ ছাত্ৰীসকলৰ বিভাগীয় মুৰব্বী সকলৰ উন্নত খতিয়ান মহাবিদ্যালয়খনৰ বুৰঞ্জীত অনাগত কাললৈ লিপিবদ্ধ হৈ থাকিব বুলিও তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ অধ্যাপিকা প্ৰীতিৰেখা দত্তইও খুউব কম সময়ৰ ভিতৰতে আলোচনীখন যুগুত কৰি উলিওৱাৰ বাবে ধন্যবাদ জনায়।

ভূষণ তালুকদাৰ ।

You might also like