নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো  যাতায়তৰ নামত দুৰ্ভোগ ভূগিছে ভাটি কেকুঁৰি ৰংপুৰ চেলাজানবাসীয়ে; স্থায়ী দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ  সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীয়েও ক’ভিদ সংকটতৰ মাজেৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ পিছতো যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ঢকুৱাখনা মহকুমাৰ ভাটি কেকুঁৰি চেলাজান কছাৰী ৰংপুৰ বাসীয়ে ৷

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেকুঁৰি গাওঁ পঞ্চায়ত অন্তগত ভাটি কেকুঁৰি . ৰংপুৰ . চেলাজান কছাৰী বাসীৰ একমাত্ৰ সুচল যাতায়ত ব্যৱস্থা মধুপুৰৰ পৰা ভাটি কেকুঁৰি . ৰংপুৰ  চেলাজান কছাৰী পথটোত থকা বৰ জানৰ ওপৰৰ বাঁহৰ দলংখনৰ  জৰাজীৰ্ণ অৱস্থাই জনজীৱনৰ প্ৰতি ভাবুকি স্‌ষ্টি কৰিছেে ৷ ঢকুৱাখনা মহকুমাৰ ঐতিহাসিক দৌল দেৱালয় সমুহৰ অন্যতম শ্ৰী শ্ৰী গৰখীয়া দৌল ও থানলৈ যোৱাৰ বাবেও একমাত্ৰ এই পথটোৱেই সুচল যদিও বৰ জানৰ ওপৰত থকা জৰাজীৰ্ণ বাহঁৰ দলংখনৰ লগতে চেলাচাৰিকড়িয়া নদীৰ ওপৰত টুলুঙা নাওৱেৰেই যাতায়ত কৰিব লগা হোৱাত দৌল দৰ্শনাৰ্থী সকলেও দুৰ্ভোগ ভুগিব লগা হৈছে ৷ দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰৰ পিছতো ৰাজ্যত ইখনৰ পিছত সিখনকৈ চৰকাৰে শাসন ভাৰ পৰিচালনা কৰাৰ পিছতো এক মাত্ৰ অনুন্নত যাতায়ত ব্যৱস্থা বাবেই অঞ্চলৰ ক্‌ষক ৰাইজে নিজৰ কষ্টোপাৰ্জিত ক্‌ষি শস্যৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে ৷

তদুপৰি ঢকুৱাখনা মহকুমাৰ ভিতৰতে একমাত্ৰ কেকুঁৰি অঞ্চলতে ক্‌ষক ৰাইজে প্ৰচুৰ পৰিমাণে আলু ৰঙালাও উৎপাদন কৰি অভিলেখ স্‌ষ্টি কৰি আহিছে যদিও এনে অৰ্থকৰী সশ্যৰ বীজ সংৰক্ষণ কৰাৰ বাবে মহুকুমাটোত এটা শীতল ঘৰ নথকাত এই পথেৰেই বান্দৰ দেৱা  তেজপুৰ. জিনজিয়া আদিলৈ প্ৰচুৰ শ্ৰম আৰু অতিৰিক্ত অৰ্থ ব্যয় কৰি অনা নিয়া কৰিব লগা হোৱাত ক্‌ষক ৰাইজৰ দুখ কোলাই পাছিৰে নধৰা হৈছে ৷ যুগ যুগ ধৰি বৰজানৰ ওপৰে বাৰিষা নাও আৰু বোকা পানী খচি বহি অঞ্চলৰ লগত যোগাযোগ কৰিব লগা হোৱা অঞ্চলৰ ৰাইজে বৰজানৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণৰ দাবী জনাইছে ৷

You might also like