এন জি টিৰ নিৰ্দেশক অঙ্গুষ্ঠ প্ৰদৰ্শন বলিৰ পঠা সজাইছে নেকি বাঘজানবাসীক?
নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ বাঘজান কাণ্ডই ইতিমধ্যে ৯১ দিন অতিক্ৰম কৰিলে যদিও ভূক্তভোগীয়ে আজিও ন্যায় নাপালে। আপোন ঘৰবাৰী ত্যাগ কৰি এইহেন বাৰিষা কালতো আশ্ৰয় শিৱিৰৰ নামত নৰকবাস কৰিব লগা হোৱাটো কিমান কষ্টকৰ কেৱল সেইসকল লোকেহে অনুভৱ কৰিব পাৰে। জল, থল, বায়ু আৰু শব্দ প্ৰদূষণে বাঘজানবাসীক স্বাভাৱিকতেই কোঙা কৰি নাজল- নাথল অৱস্থা কৰি পেলাইছে। স্বাসজনীত ৰোগ, শ্ৰৱণ শক্তি হ্ৰাস, চৰ্ম ৰোগ, গৰ্ভজাত শিশুৰ প্ৰাণ নাশ আদিকে ধৰি বিভিন্ন ৰোগে জুমুৰি ধৰা বাঘজানবাসীৰ মাজত কেনেবাকৈ ক’লেৰা, টাইফইড আদি ৰোগ বিয়পি পৰিলে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া কল্পনাতীত বুলিও চৰ্চা চলিছে। প্ৰাপ্য ক্ষতিপূৰণ পোৱাৰ পৰাও বঞ্চিত হৈ ৰ’ল বাঘজানবাসী। পৰিতাপৰ কথাটো হ’ল এন জি টিৰ তদন্ত সমিতিয়ে যোৱা ২৪ জুলাই তাৰিখেই দাখিল কৰা ৪০৭ পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ নিৰ্দেশো কাৰ্যকৰী নকৰিলে অইল ইণ্ডিয়া আৰু জিলা প্ৰশাসনে। প্ৰতিবেদনৰ ৮৭/ ৮৮ পৃষ্ঠাত জিলা প্ৰশাসনৰ ওচৰত থকা তথ্যৰ ভিত্তিত ক্ষতিগ্ৰস্তৰ কেটেগ’ৰী এক আৰু দুইক ১৫ দিনৰ ভিতৰত ক্ৰমে ২৫ আৰু ১০ লাখকৈ টকাৰ প্ৰাৰম্ভিক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ অইলক নিৰ্দেশ দিছিল।
আনহাতে কেটেগ’ৰী তিনিক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ পৰিশোধৰ নিৰ্দেশ দিয়া হৈছিল। কেটেগ’ৰী ওৱানৰ ১১ টা পৰিয়ালক ২০ লাখকৈ অগ্ৰিম ক্ষতিপূৰণ ইতিপূৰ্বে পৰিশোধ কৰিলে যদিও তাৰে ৫ লাখকৈ টকা দিয়া এতিয়াও দিয়া হোৱা নাই। ইফালে ক্ষতিপূৰণ পৰিশোধৰ ১৫ দিনৰ সনয়সীমা অতিক্ৰম কৰি আজি ৩৩ দিনত ভৰি দিয়াৰ পাছতো প্ৰথম আৰু দ্বিতীয় কেটেগ’ৰীৰ পৰিয়ালক অইলৰ হৈ জিলা প্ৰশাসনে ক্ষতিপূৰণ দিবলৈ প্ৰয়োজন বোধ নকৰি এন জি টিৰ নিৰ্দেশক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰিলে। ইফালে বাঘজান ৫ নং গেছ কূপৰ ব্ল’আউট প্ৰতিৰোধৰ নিশ্চয়তাও কোনো পক্ষৰে ওচৰত নাই। ব্যাহত হৈ পৰিছে বাঘজান ৫ ৰ ব্ল’আউট প্ৰতিৰোধৰ স্বাভাৱিক কৰ্তব্য। অইল কৰ্তৃপক্ষই সামান্য পৰিৱৰ্তনৰ বাদে দৈনিক একেখিনি কথাকে পুনৰাবৃত্তি কৰি প্ৰকাশ কৰা প্ৰেছ বিবৃত্তিও বন্ধ কৰি দিয়া হ’ল যোৱা ২১ আগষ্টৰ পৰা। অইলৰ অন্তৰ্ভাগত কি চলিছে এতিয়া জনাৰ উপাই নাই।
অতি আশ্চৰ্যজনক কথা এইটোহে যে অইলৰ জনসম্পৰ্কৰক্ষী বিভাগে সৰ্বসাধাৰণ প্ৰেছ বিবৃত্তি প্ৰকাশ কৰাৰ ব্যতিৰেকে কোনো এগৰাকী কাৰিকৰী বিশেষজ্ঞই বাঘজান কাণ্ড সন্দৰ্ভত কোনোদিনেই এটা বাক্যও প্ৰকাশ কৰা দেখা নগ’ল। ৯১ দিনীয়া স্বাসৰুদ্ধ পৰিৱেশত আশ্ৰয় শিৱিৰত দিন কটোৱা বাঘজানবাসী ৰাইজে অইল কৰ্তৃপক্ষ, জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ বঞ্চনা আৰু প্ৰতাৰণা সহ্য কৰিব নোৱাৰি স্বতঃস্ফূৰ্তভাৱে পৰহি ওলাই গৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনিদ্দিষ্ট কালৰ বাবে অৱস্থান কৰিছেগৈ। অভিযোগ মতে কেউফালে সুৰক্ষা বাহিনীৰ যুদ্ধংদেহী পৰিৱেশৰ বাদে প্ৰশাসন, অইল আদি কৰ্তৃপক্ষৰ কোনোধৰণৰ সঁহাৰিয়েই নাই। এতিয়া সততে উঠা প্ৰশ্নটো হ’ল কোনে বলিৰ পঠা সজাইছে বাঘজানবাসীক?