নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল কলগাছিয়াৰ বাহাৰুল

নিয়মীয়া বাৰ্তা, ১০ মে’ : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল দৰিদ্ৰ পৰিয়ালৰ বিজ্ঞান বিভাগৰ মেধাৱী ছাত্র বাহাৰুল ইছলামে। কলগাছিয়াৰ বৰতাৰী গাঁৱৰ মমিন আলীৰ পুত্ৰ বাহাৰুল ইছলামে চাৰিটা বিষয়ত লেটাৰসহ ৮৩.৮% নম্বৰ লাভ কৰি সমগ্ৰ বৰতাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ যে মেধাৱী ছাত্ৰজনৰ পিতৃ বেলেগৰ ঘৰত দিন হাজিৰ কৰি কোনোমতে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ পাছতো তেওঁৰ পুত্ৰই মাজে সময়ে পিতৃৰ কামত সহযোগ কৰাৰ পিছত এই ধৰণৰ ফলাফলত উত্তীৰ্ণ কৰিবলৈ পাই পিতৃ-মাতৃৰ লগতে গাঁওবাসীয়ে যথেষ্ট আনন্দিত হৈছে। দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে ছাত্ৰ জনৰ এই ফলাফলে পুনৰ প্ৰমাণ কৰি দেখুৱালে। মেধাৱী ছাত্রজনে এই সফলতাৰ কৃতিত্ব পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী প্ৰদান কৰি ভৱিষ্যতে এজন আদৰ্শ চিকিৎসক হোৱাৰ সপোন দেখিছে। যাৰ বাবে ছাত্র জনৰ লগতে গাওঁবাসীয়ে অসম চৰকাৰলৈ আৰ্থিক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like