নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ মে’ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বর্ষৰ সামৰণী উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ইয়াৰ অংশ হিচাপে আজি পুৱা মহাৰজত জয়ন্তীৰ শিখা প্রজ্বলন কৰে অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক কনক চন্দ্র চহৰীয়াই। ইয়াৰ পিছত মহাৰজত জয়ন্তী পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি অধ্যাপক উমেশ ডেকাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথে। তদুপৰি মহাৰজত জয়ন্তী উপলক্ষে পয়সত্তৰখন পতাকা উত্তোলন কৰে অসমীয়া বিভাগৰ শিক্ষক আৰু প্ৰাক্তন শিক্ষার্থীসকলে। শ্বহীদ তর্পণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি জিন্টু দাসে। বিভাগৰ প্ৰয়াত শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে শিক্ষাগুৰুৰ পৰিয়ালবর্গই। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্রজিৎ শর্মাই। ইয়াৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী ডঃ গায়ত্রী মহন্তই।
বিয়লি অধ্যাপিকা লীলাৱতী শইকীয়া বৰাৰ সঞ্চালনাত গ্ৰন্থ উন্মোচন আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। একেটা অনুষ্ঠানতে অসমীয়া বিভাগৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে। ভাষণ প্ৰসংগত অধ্যাপক গোস্বামীয়ে  কয়- “এই বিভাগৰ সৈতে মোৰ আন্তৰিক সম্বন্ধ আছে। বাণীকান্ত কাকতিক বাদ দি আন প্ৰতিগৰাকী অধ্যাপকক মোৰ লগ পোৱাৰ সৌভাগ্য হৈছে। অধ্যাপক কাকতিক লগ পোৱাৰ সৌভাগ্য নহল। অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাক লগ পোৱাৰ অভিজ্ঞতাৰ কথাও তেওঁ দোহাৰে। তেওঁ অসমীয়া বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। আনহাতে তেওঁ বাংলা বিভাগৰ অধ্যাপক যতীন্দ্ৰ মোহন ভট্টাচাৰ্যৰ অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন আৰ্টছ বিল্ডিঙৰ নাম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় -” বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পিছফালৰ যিটো ঘৰ সেই ঘৰটোৰ নাম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন হব লাগে।” এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা সবল হব লাগে বুলি তেওঁ উল্লেখ কৰে। উল্লেখ্য যে অনুষ্ঠানটোত “অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱদান” শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয়- “জালুকবাৰী চিৰ যৌৱনা, চিৰ সেউজীয়া। ই বৃদ্ধি হয়, ক্ষয় নহয়। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ হোৱাটো সৌভাগ্যৰ কথা। জ্ঞানৰ ক্ষুধাৰ কোনো পৰিধি নাই।” তেওঁ পুনৰ কয় যে প্ৰতিগৰাকী ন পুৰণি শিক্ষাৰ্থীৰে কলিজাৰ এডোখৰী অসমীয়া বিভাগ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্মৰ আঁৰৰ কাহিনী বৰ্ণনা কৰি তেওঁ বিশ্ববিদ্যালয়খনৰ ১৯৪৮ৰ পৰা আজিলৈকে বৰ্ণিল যাত্ৰাৰ বৰ্ণনা দিয়ে। কিদৰে বিশ্ববিদ্যালয়ৰখন পত্ৰে পুস্পে জাতিষ্কাৰহল তাক বিস্তৃতভাবে আলোচনা কৰে। তেওঁ কয়- “কৃষ্ণকান্ত সন্দিকৈৰ  ধাৰণা আছিল যে বিশ্ববিদ্যালয়খন  মেধাৰ সন্মিলন কৰা”। বিভাগটোৰ প্ৰাক্তন অধ্যাপক-শিক্ষাৰ্থীসকলক স্মৰণ কৰি তেওঁ কয় যে বাণীকান্ত কাকতি আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই ভাষা আৰু সৃষ্টিশীল ধাৰাৰ সৃষ্টি কৰিছিল। মহেশ্বৰ নেওগ দুইটা ধাৰাতে সিদ্ধসস্ত আছিল। সত্যেন্দ্ৰ নাথ শৰ্মাৰ ভাষা আছিল সৰল। তেওঁ সত্ৰ- সংস্কৃতিৰ বিষয়ে গৱেষণা কৰিছিল।” অনুষ্ঠানটোত কুৰি খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থসমূহ উন্মোচন কৰে অধ্যাপক মালিনী গোস্বামী, ভদ্ৰেশ্বৰ ৰাজখোৱা, সতীশ চন্দ্ৰ ভট্টাচাৰ্য, মৃণালিনী দেৱী, উমেশ ডেকা, মঞ্জু দেৱী পেগু, চুনিল দত্ত, মলীনা দেৱী ৰাভা, মঞ্জু গোস্বামী, জাহ্নৱী দেৱীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়ায়ো উন্মোচন কৰে এখন গ্ৰন্থ। বিভাগীয় প্ৰধান অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানটো আৰম্ভ হয় অধ্যাপক জীৱন্ত মোহন শৰ্মা সুৰাৰোপিত আৰু অধ্যাপক উমেশ ডেকা ৰচিত সমবেত সংগীত পৰিবেশন কৰে বিভাগৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলে। সন্ধিয়া মহাৰজত জয়ন্তীৰ পয়সত্তৰ গছি বন্তি প্রজ্বলন কৰে অসমীয়া বিভাগৰ গৱেষক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আন্তর্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী ভানু ডেকাই। কাইলৈ বৃক্ষৰোপণৰে শুভাৰম্ভণি হ’ব  কাৰ্যসূচীৰ। পুৱা  অনুষ্ঠিত হ’বলগীয়া কবি সম্মিলনখন সঞ্চালনা কৰিব বিশিষ্ট কবি আনিছ উজ্ জামানে। কবি সন্মিলনত কেবাগৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰিব। দুপৰীয়া ডঃ দয়ানন্দ পাঠকৰ সঞ্চালনাত গ্ৰন্থ প্রকাশৰ সম্বৰ্ধনা অনুষ্ঠান এটা অনুষ্ঠিত হ’ব। বিয়লি অনুষ্ঠিত হ’বলগীয়া মুকলি সভা আৰু সন্মান প্রদান অনুষ্ঠানটোত সভাপতিত্ব কৰিব মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি অধ্যাপক উমেশ ডেকাই। অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অধ্যাপক হীৰেন গোহাঁই। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকা। উল্লেখনীয় যে অসমীয়া বিভাগৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী বর্ষৰ সামৰণী উৎসৱৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান অধ্যাপক শৈলেন ভৰালীক মহাৰজত জয়ন্তী সন্মান প্ৰদান কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ অধ্যাপক নগেন ঠাকুৰক মহাৰজত ভাষা বঁটা আৰু অধ্যাপক নাৰায়ণ দাসক মহাৰজত সাহিত্য বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব প্রাক্তন ছাত্র, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, প্রাক্তন ছাত্র, প্রাক্তন বিধায়ক তথা তথ্য-চিত্র নির্মাতা সত্যব্ৰত কলিতা, প্রাক্তন ছাত্র তথা বিধায়ক বিশ্বজিৎ ফুকন, প্রাক্তন ছাত্র তথা সাংসদ আব্দুল খালেক, প্রাক্তন ছাত্র তথা সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সভাপতি শংকৰ প্ৰসাদ ৰয়, প্রাক্তন ছাত্র তথা নুমলীগড় শোধনাগাৰৰ মুখ্য পৰিচালন সঞ্চালক কাজল শইকীয়া আৰু প্রাক্তন ছাত্র তথা ডিমা হাচাও জিলাৰ উপায়ুক্ত সীমান্ত দাস। সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব খ্যাতিসম্পন্ন নাট পৰিচালক পৱিত্ৰ ৰাভাই। সাংস্কৃতিক অনুষ্ঠানত পৱিত্ৰ ৰাভাৰ ‘আৰোহন’ শীৰ্ষক নাটখন মঞ্চায়ন কৰা হ’ব ।
You might also like