নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত প্ৰাণৱন্ত হৈ উঠিল ৪২ৰ গণ আন্দোলনঃ ৮১ শিশুৰ চমকপ্ৰদ অভিনয়েৰে “বজালীৰ সৈনিক ঘনকান্ত তালুকদাৰ” মঞ্চস্থ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ বৃটিছৰ অপশাসনৰ পৰা স্বৰাজ্যক উদ্ধাৰ হকে ৪২ৰ গণ আন্দোলনত ছহীদ মদন ৰয় আৰু ৰাউটা ৰাম কচাৰীৰ লগতে কেবাগৰাকীও মুক্তি যুঁজাৰুৱে আত্মবলিদানেৰে বজালীত ইতিহাস সৃষ্টি কৰি গৈছে। তেনে এগৰাকী ইতিহাস সৃষ্টিকাৰী বজালীৰ মুক্তি যুঁজাৰু ঘনকান্ত তালুকদাৰৰ সংগ্ৰামী জীৱনৰ ওপৰত যোৱা নিশা নিত্যানন্দত মঞ্চস্থ কৰা হয় এখন পূৰ্ণ দৈৰ্ঘৰ শিশু নাট। নাটঘৰ, নিত্যানন্দৰ মঞ্চত বিশিষ্ট নাট্যকাৰ, অভিনেতা কিশোৰ তহবিলদাৰৰ তত্বাৱধানত ৮১ গৰাকী শিশুৰ চমকপ্ৰদ অভিনয়ে যেন পুনৰ প্ৰাণৱন্ত কৰি তোলে বজালীৰ স্বাধীনতাৰ আন্দোলনৰ পৰিৱেশ। ৪২ ৰ গণ আন্দোলনত বজালীৰ বীৰ ছহীদ মদন, ৰাউটা সমন্বিতে ভাৰত মাতৃৰ সু সন্তান সকলৰ সমান্তৰালকৈ ঘনকান্ত তালুকদাৰৰ অৱদান অপৰিসীম। সেইগৰাকী বজালীৰ বীৰ ঘনকান্ত তালুকদাৰৰ সোৱঁৰণত বজালীৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, পৰিচালক কিশোৰ তহবিলদাৰৰ ৰচনা আৰু পৰিচালনাৰে, নিতু ডেকাৰ আবাহ সংগীত, ফুলেন ভড়ালীৰ পোহৰ, স্বপন ভড়ালীৰ সহযোগী পৰিচালনা,ডেইজী বৈশ্যৰ নৃত্য পৰিচালনাৰে মঞ্চস্থ হোৱা নাটখনত ঘনকান্তৰ মূল চৰিত্ৰত অভিনয় কৰে শিশু শিল্পী অমন তহবিলদাৰে৷ বিশিষ্ট অভিনেতা, পৰিচালক ব্ৰজেন বৰাই শুভ উন্মোচন কৰা নাট্যানুষ্ঠানত ঘনকান্ত তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে ত্ৰমে নিৰোদা তালুকদাৰ, জেষ্ঠ পুত্ৰ কৰ্ণেল ৰণজিৎ তালুকদাৰে আৰু কনিষ্ঠ পুত্ৰ শঙ্কৰ তালুকদাৰে৷ অসম নাট্য সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা নাট পৰিচালক প্ৰয়াত বিপুল চলিহাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে সাহিত্যিক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। নাট্যকাৰ, পৰিচালক,অভিনেতা প্ৰকাশ মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে পাঠক কামিনী কাকতিয়ে। ভট্টদেৱ বিশ্ববিদ্যালয় অৰ্থনীতি বিভাগৰ অধ্যাপক পৰাগ বৰ্মণে আঁত ধৰা অনুষ্ঠানটোত নাটঘৰৰ নাট্যকৰ্মী প্ৰয়াত সত্যজিৎ ডেকাক শ্ৰদ্ধাঞ্জলি জনায় ফনিধৰ ডেকাই৷ উল্লেখ্য যে দেশত চলি থকা আজাদী কী অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি বজালীৰ নিত্যানন্দত যোৱা ১২ মাৰ্চৰ পৰা এটি মাহযোৰা শিশু নাট কৰ্মশালা অনুষ্ঠিত হয়৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত তথা নাটঘৰ নিত্যানন্দ, বজালীৰ সৌজন্যত জনপ্ৰিয় নাট্যকাৰ, অভিনেতা তথা পৰিচালক কিশোৰ তহবিলদাৰৰ তত্বাৱধানত “নাটঘৰ নিত্যানন্দ”ৰ অক্সফোর্ড ইংলিছ স্কুল প্রাঙ্গনত অনুষ্ঠিত এই শিশু নাট কর্মশালাত ৮ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ মুঠ ৮১ গৰাকী শিশুই অংশগ্ৰহণ কৰে আৰু এই শিশু প্ৰশিক্ষার্থীসকলৰ দ্বাৰা বজালীৰ মুক্তিযোদ্ধা প্রয়াত ঘনকান্ত তালুকদাৰৰ জীৱনৰ ওপৰত ৰচিত নাট “বজালীৰ সৈনিক ঘনকান্ত তালুকদাৰ” সফলভাৱে মঞ্চস্থ হয়৷ প্ৰতিকুল বতৰ স্বত্তেও প্ৰায় সাতশ নাটপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে শিশুসকলক উৎসাহিত কৰি অনুস্থানটো সাফল্যমণ্ডিত কৰি তোলাত বিশেষভাৱে সহায় কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like