নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৈখোৱাত ৰাইজে গাঁঠিৰ ধনেৰে নির্মাণ কৰিলে দলং

নিয়মীয়া বাৰ্তা, ১ মেঃ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনে ৰাজ্যৰ বাট–পথৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰিব বিচাৰে যদিও ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তর্গত তিনিচুকীয়া জিলাৰ ছৈখোৱাত ৰাইজৰ গাঁঠিৰ ধন ভাঙি শ্রমদানেৰে ধলা নদীৰ ওপৰত প্রায় ৪৫ মিটাৰ এখন দলং নির্মাণ কৰিবলগীয়া হোৱা কার্যই ব্যাপক চর্চা লাভ কৰিছে বৃহত্তৰ ছৈখোৱা অঞ্চলত৷

উল্লেখ্য যে ছৈখোৱাৰ ধলা নদীৰ ওপৰত অঞ্চলটোৰ আজুখা আৰু অসমীয়া সোণাৰি গাঁও সংযোগী এখন দলং নথকাৰ বাবে দীর্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল বৃহত্তৰ ছৈখোৱা অঞ্চলৰ আজুখা, অসমীয়া সোণাৰি গাঁৱৰ লগতে মেগেলা, শংকৰ চাহ বাগিচা, ন–মেচাকী, দীঘল মেচাকী, মাজগাঁও, হঁাহখাতী ইত্যাদিকে ধৰি প্রায় ১০–১২ খন গাঁৱৰ ৰাইজে৷ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল অঞ্চলটোৰ কণ কণ ছাত্র–ছাত্রী৷

খৰালিত টুলুঙা নাৱেৰে ইপাৰ–সিপাৰ হোৱা অঞ্চলটোৰ ৰাইজে বাৰিষাত আজুখা আৰু অসমীয়া সোণাৰি গাঁৱৰ মাজত একপ্রকাৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল৷ অঞ্চলটোৰ ৰাইজৰ সুবিধার্থে ধলা নদীৰ ওপৰত আজুখা আৰু অসমীয়া গাঁও সংযোগী এখন দলং নির্মাণৰ বাবে চৰকাৰ তথা স্থানীয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াক বহুবাৰ আবেদন জনাইছিল স্থানীয় ৰাইজে৷ আজুখা আৰু সোণাৰি গাঁও সংযোগী এখন এখন দলং নির্মাণৰ বাবে ইতিমধ্যে বহু দাবী উত্থাপন কৰিছিল ছৈখোৱা আঞ্চলিক ছাত্র সন্থাইও৷ কিন্তু কেৱল মাত্র নির্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহি দলং নির্মাণৰ প্রতিশ্রুতিৰে তিনিবাৰকৈ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা বিজেপি বিধায়ক বলীন চেতিয়াই এই পর্যন্ত ৰাইজ আৰু ছাত্র সন্থাৰ উক্ত দাবীৰ প্রতি কোনো ধৰণৰ সঁহাৰি নজনোৱাত অৱশেষত ৰাইজেই নিজে নির্মাণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিলে ধলা নদীৰ ওপৰত আজুখা আৰু অসমীয়া সোণাৰি গাঁও সংযোগী দলং৷

যোৱা ১০ মার্চৰ পৰা ৰাইজৰ সাহায্য আৰু শ্রমদানেৰে নির্মাণকার্য আৰম্ভ কৰা প্রায় ৪৫ মিটাৰ দৈর্ঘ্যৰ আজুখা আৰু অসমীয়া সোণাৰি সংযোগী দলংখন কালি সম্পূর্ণ কৰি উলিয়ালে স্থানীয় ৰাইজে৷ আজুখা গাঁৱৰ উদীয়মান যুৱক তথা তিনিচুকীয়া জিলা ছত্র সন্থাৰ উপ–সভাপতি সাগৰ সোণোৱালে জানিবলৈ দিয়া মতে, ধলা নদীৰ ওপৰত আজুখা–সমীয়া সোণাৰি সংযোগ এই দলংখন নির্মাণৰ বাবে গাঁও দুখনৰ বহুসংখ্যক ব্যক্তিয়ে বাঁহ, কাঠ ইত্যাদি দি সহায়ৰ হাত আগবঢ়াইছিল৷

You might also like