নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িত মেচাকি চাপৰিত ৰাইজে নিৰ্মাণ কৰিলে ৩ খনকৈ বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ শোচনীয় যাতায়ত ব্যবস্থাৰ মাজত দশক দশক কাল ধৰি জীৱন যাত্ৰা কৰি অহা মেচাকি চাপৰিৰ ৰাইজে তিনিখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াইছে।

আঠাইশখন কৃষি জীৱি জনবসতিপূৰ্ণ গাঁৱৰে পৰিৱেষ্টিত ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ চৰ চাপৰি অঞ্চল তথা নদী দ্বীপ মেচাকি চাপৰিৰ কোনো এটা পথেই আজিকোপতি পকীকৰণ হোৱা নাই।

আনহাতে পঞ্চায়তৰ আঁচনিৰ অধীনত মেচাকি চাপৰিত দুই এটা পথৰ নিৰ্মাণ হৈছে যদিও পথৰ ওপৰত দলং, কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ বাবে বৃহত্তৰ মেচাকি চাপৰিৰ জনসাধাৰণে দুৰ্বিষহভাবে যাতায়ত কৰিবলগীয়া হৈ আহিছে দশক দশক কাল ধৰি।

যাতায়তৰ এনে শোচনীয় পৰিস্থিতিৰ পৰা সকাহ পাবলৈ স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ এৰাসূঁতিৰ ওপৰত মেচাকি চাপৰি বৰ্মণ বজাৰৰ পৰা মেচাকি বৰ্মণ গাওঁ সংযোগী এখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিওৱাৰ লগতে বৰ্মণ বজাৰৰ পৰা আন’ চাপৰি সংযোগী পথৰ কাঞ্চা নলাৰ ওপৰত আৰু আন’ চাপৰিৰ পৰা কয়লা আলি মাছুৱা কেম্প সংযোগী পথৰ ৩ নং মিৰি নলাৰ ওপৰত দুখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াইছে ।

উল্লেখ্য যে বাৰিষা কালত বানপীড়িত মেচাকি চাপৰিবাসী ৰাইজে সন্মুখীন হৈ অহা পৰিস্থিতিৰ বুজ ল’বলৈ জোনাই মহকুমাৰ মহকুমাধিপতি পাৰ্থপ্ৰতিম বৈৰাগীয়ে ১০ জুনত চৰ চাপৰি অঞ্চলটোত উপস্থিত হৈছিল । মহকুমাধিপতিগৰাকীৰ পৰিদৰ্শন কালত অন্যান্য সমস্যাৰ লগতে যাতায়তৰ সমস্যাৰ বিষয়ো স্থানীয় ৰাইজে আবেদন কৰোঁতে বিষয়া গৰাকীয়ে ধেমাজি জিলা উপায়ুক্তক বিষয়টো অৱগত কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ।

জোনাই মহকুমাৰ মহকুমাধিপতিৰ আশ্বাস প্ৰদানৰ পৰিপ্ৰেক্ষিততে তিনিখনকৈ বাঁহৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে বানপীড়িত ৰাইজে ।

You might also like