নগৰবেৰাত ৰাইজে সাজি উলিয়ালে ১,০৪০ ফুট দীঘল কাঠৰ দলং
নিয়মীয়া বাৰ্তা, ৭ মে’ : ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ কথাষাৰ সচাঁ প্রমাণ কৰি দেখুৱালে নগৰবেৰাবাসীয়ে৷ স্বাধীনতাৰ সাত দশকে বহু আবেদন–নিবেদন কৰিও সুফল নাপাই অৱশেষত অসম্ভৱক সম্ভৱ কৰি দেখুৱালে নগৰবেৰাৰ নৈপৰীয়া গয়াই৷ জলজলী নদীৰ ওপৰত মুঠ এক হাজাৰ চল্লিশ ফুট দৈর্ঘৰ দলং সাজি লকডাউনৰ মাজতে আনুষ্ঠানিকভাৱে বুধবাৰে শুভ উদ্বোধন কৰে দলং নির্মাণ সমিতিয়ে৷
সামাজিক দূৰত্ব বর্তাই ৰাখি যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয় এই বিশেষ দলং৷ দলংখনে নির্মাণব্যয় আৰু দৈর্ঘ্যৰ ফালৰ পৰা নিঃসন্দেহে গীনিজ বুকত স্থান পাব বুলি সকলোৰে ধাৰণা৷ দুপৰীয়া মাংগলিক আয়োজনেৰে নগৰবেৰাৰ দোকুচি–ভখুৰাদিয়া, ৰংগেশ্বৰী, পাহাৰপাৰা পাৰঘাটৰ ওপৰত জলজলী নদীৰ বুকুত নির্মাণ সম্পূর্ণ হোৱা দলংখন ৰঙাফিতা কাটি শুভ উদ্বোধন কৰে দলং নির্মাণ সমিতিৰ সভাপতি দ্বীপেন মেধিয়ে৷ নির্মাণ সমিতিয়ে সাংবাদিকক জনোৱা মতে কাঠৰ দলংখনৰ মুঠ দৈর্ঘ্য এহেজাৰ চল্লিশ ফুট হোৱাৰ বিপৰীতে নির্মাণ ব্যয় আনুমানিক কোটি টকা৷ স্বাধীনতাৰ সাত দশকে জলজলী নৈত দলং নির্মাণৰ বাবে ৰাইজে বহু আবেদন জনায়ো কোনো সুফল নাপাই, একাংশই মিলি ‘শংকৰ আজান সমন্বয় সেতু’ নামকৰণৰ বিশেষ দলংখন নির্মাণ সম্পূর্ণ কৰে৷
এফালে পুৰোহিতৰ মন্ত্রোচ্চাৰণ, আনফালে মৌলবীৰ মোনাজাতৰ মাজেৰে দলংখনৰ দুয়োপাৰে এক উছৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়৷ স্মর্তৱ্য যে দুবছৰৰ পূর্বেও একে স্থানত একে নামকৰণেৰে বাঁহৰ সাঁকো এখনো নির্মাণ কৰা হৈছিল যদিও বেছিদিন নিটিকিল, ফলত এইবাৰ মজবুতকৈ কাঠেৰে কোটিটকীয়া দীর্ঘতম দলং নির্মাণৰ অন্তত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷