নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্র পৰিচালক বাণী দাসৰ মূল নির্বাচনী ইছ্যু হ’ব দুর্নীতি

বাইক ৰেলীৰে মৰিগাঁৱৰ ‘অজাপ’ৰ প্রার্থীক বিপুল আদৰণি

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ ‘মৰিগাঁও সমষ্টিবাসীয়ে ‘কা’বিৰোধী আন্দোলনত সবল ভূমিকা গ্রহণ কৰিছিল আৰু সেই প্রতিবাদী মনোভাবেৰে এইবাৰ বিজেপিৰ জাতিবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁওবাসীয়ে মোক জয়যুক্ত কৰাব৷’– কালি অসম জাতীয় পৰিষদৰ পৰা মৰিগাঁও সমষ্টিৰ বাবে টিকট লাভ কৰাৰ পিছত আজি বিয়লি অজাপৰ প্রার্থী বাণীকান্ত দাসে এই মন্তব্য কৰে৷ আজি সমর্থকৰ উৎসাহৰ মাজত মৰিগাঁৱত উপস্থিত হয় প্রার্থীগৰাকী৷ সমর্থকসকলে বিশাল বাইক ৰেলীৰে তেওঁক আদৰি আনে৷ আনহাতে, দুর্নীতিৰ বিষয়ক লৈ নির্মাণ কৰা ব্যৱসায়–সফল ছবি ‘অহেতুক’ৰ প্রসংগ উত্থাপন কৰি এ জে পিৰ প্রার্থী বাণী দাসে কয় যে দুর্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজ কৰাৰ এক মানসিকতা আছে আৰু তেওঁৰ নির্বাচনৰ অন্যতম ইছ্যু হ’ব দুর্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্রাম৷

You might also like