নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত দুদিনীয়াকৈ আত্মসহায়ক গোটৰ আলোচনা চক্ৰ, বাণিজ্য মেলা, থলুৱা ক্ৰীড়া আৰম্ভ

ufuf

 

আজিৰে পৰা দুদিনীয়াকৈ চিমেন চাপৰিতঅসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল:: আজিৰে পৰা চিমেন চাপৰিৰ বিহুতলীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰশ্মি মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আৰু চিমেন চাপৰি, চমকং, মিছামৰা গাওঁ পঞ্চায়তৰ গ্ৰাম্য সংগঠনৰ সহযোগত আৰম্ভ হৈছে মহিলা সবলীকৰণৰ ওপৰত আলোচনা চক্ৰ আৰু বাণিজ্য মেলা।

অনুষ্ঠানৰ পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে মণ্ডল সংগঠনৰ সভানেত্ৰী ৰাণু গগৈয়ে।ইয়াৰ পাছতে বাণিজ্য মেলা উদ্ধোধন কৰে চমকঙৰ ৰিস্না পেগুয়ে।পুৱা ১০ বজাত মঞ্চ উদ্ধোধন কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জোনাইৰ খণ্ড পৰিচালক বিশ্বজিৎ দাসে।দিনৰ ১১ বজাৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান জোনাই খণ্ডৰ পৰিচালক প্ৰশান্ত হাজৰিকাই আঁতধৰা “মহিলা সবলীকৰণত আত্মসহায়ক গোটৰ ভূমিকা” বিষয়ত অনুষ্ঠিত আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰি চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ ৰুণু গগৈ, প্ৰেমলতা শৰ্মা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান জোনাই খণ্ডৰ পৰিচালক পাৰ্থ বৰুৱা, পশ্চিম চিমেন চাপৰি আদৰ্শ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী স্বৰ্ণলতা ফুকন, চিমেন চাপৰিৰ প্ৰাক্তন জীৱিকা সখী ববীত গগৈয়ে মহিলা সবলীকৰণৰ দিশত মহিলা আত্মসহায়ক গোট সমূহে গ্ৰহণ কৰি অহা ভূমিকা বিষয়ে বিশদভাৱে আলোচনা আগবঢ়ায়। সাম্প্ৰতিক সময়ত আত্মসহায়ক গোট গঠনেৰে পূঁজি তৈয়াৰ কৰি বিভিন্ন উৎপাদনমুখী কৰ্মত জড়িত হৈ মহিলা সকল স্বনিৰ্ভৰশীল হোৱাৰ পথত আগবাঢ়ি গৈছে বুলিও আলোচক সকলে বক্তব্য দাঙি ধৰে।

দুপৰীয়া ১২ বজাৰ পৰা বড়ো,মিচিং জনগোষ্ঠীয় নৃত্য, দিহানাম আদি বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰা হয়।সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে ৰশ্মি মণ্ডলৰ সম্পাদিকা সাবিত্ৰী বসুমতাৰীয়ে।সন্ধিয়া ৬-৩০ বজাৰ পৰা অনুষ্ঠিত কৰা সাংস্কৃতিক আৰু নাট প্ৰদৰ্শনী অনুষ্ঠানৰ মুকলি কৰে ধেমালি, দ্য ভিলেজ স্কুলৰ শিক্ষয়িত্ৰী গীতিমণি গগৈয়ে।কাইলৈ বিভিন্ন থলুৱা ক্ৰীড়া প্ৰতিযোগিতা, চিমেন চাপৰি, চমকঙ,মিছামৰাৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা সন্মিলন অনুষ্ঠিত হব। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প বিষয়া জেচমিন দলে, নিৰ্দিষ্ট বক্তাৰূপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প বিষয়া দীপিকা পেগুয়ে অংশগ্ৰহণ কৰিব।

You might also like