নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ বিৰোদ্ধে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,৩ এপ্ৰিল: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই পেট্ৰল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো আজি এই প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁৱৰ ৰাজপথত ৰূপায়ন কৰা হয়।

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীৰ উদ্যোগত মৰিগাঁও জিলাৰ ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ইন্ধনজাত সামগ্ৰী আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী হুচিয়াৰ, অত্যাবশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লগানেৰে মৰিগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তুলে।

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে এক বিবৃতি যোগে কয় যে অত্যাবশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰন জনতাৰ ওপৰত মাধমাৰ শুধাইছে। চৰকাৰ খনে কলা বেপাৰী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰাত ব্যৰ্থ হৈছে বাবেই মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে ইয়াৰ বিপক্ষে পদক্ষেপ গ্ৰহন কৰিব লাগে আৰু দুখীয়া মানুহক সকাহ দিব লাগে।

উক্ত অনুষ্ঠানত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি তথা সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল শৰ্মাই ক্ষোভ উজাৰি কয় যে কৰণাই বিধ্বস্ত কৰা দুখীয়া মানুহে যেনেতেনে দুবেলা দুমুঠি খাই জীয়াই আছিল তাৰ পাছত মূল্যবৃদ্ধিৰ যি মাধমাৰ হব ধৰিছে দুখীয়া মানুহৰ বাবে জীৱন নিৰ্বাহ কৰাতো অসম্ভবপ্ৰায় হৈ পৰিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কটী দিয়া আৰম্ভ কৰিছে কিন্তু দিনহাজিৰা কৰা দেউতাক এজনে স্কুটীত ৮৭ টকা লিটাৰৰ মূল্য পেট্ৰল ভৰাব নে ঘৰ খনলৈ ১৫৫ টকা লিটাৰৰ মিঠাতেল কিনি আনিব বুলিও অ‍াছু নেতা জনে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে অনাগত দিনত চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হলে ধাৰাবাহিক ভাবে আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয়ে।

You might also like