নলবাৰী জিলা বার্তাজীৱী সংঘৰ সমিতি গঠন
নিয়মীয়া বাৰ্তা, ৩০ মে’: অসম বার্তাজীৱী সংঘৰ স্বীকৃতিপ্রাপ্ত নলবাৰী জিলা বার্তাজীৱী সংঘৰ তৃতীয় দ্বি–বার্ষিক অধিৱেশনখন দেওবাৰে নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্রেছ ক্লাবৰ মঞ্চসূর্য ধৰণী বর্মন সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱা প্রায় ১০ বজাত পশ্চিম নলবাৰী প্রেছ ক্লাবৰ সহকাৰী সম্পাদক তপন কুমাৰ শর্মাই পতাকা উত্তোলন কৰাৰ পিছতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সুভাষ বর্মন আৰু পশ্চিম নলবাৰী প্রেছ ক্লাবৰ সম্পাদক প্রদীপ কুমাৰ বর্মনে ক্রমে শ্বহীদ তর্পণ আৰু মাল্যার্পণ কৰে৷ পশ্চিম নলবাৰী প্রেছ ক্লাবৰ সভাপতি গণেশ বর্মন আৰু সাংবাদিক জোন কুমাৰ হালৈয়ে স্মৃতি তর্পণ কৰে৷ ইয়াৰ পিছতে গছপুলি ৰোপণ কার্যসূচীত অৱসৰপ্রাপ্ত শিক্ষক এম হাছান আলী, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত ভাৰপ্রাপ্ত অধ্যক্ষ জিতেন চন্দ্র শর্মা আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক প্রাণজিৎ ঠাকুৰীয়াই ৰোপক হিচাপে অংশগ্রহণ কৰে৷ দিনৰ প্রায় ১১ বজাত নলবাৰী জিলা বার্তাজীৱী সংঘৰ ভাৰপ্রাপ্ত সভাপতি নৰেন শর্মাৰ সভাপতিত্বত নলবাৰী জিলা বার্তাজীৱী সংঘৰ তৃতীয় দ্বি–বার্ষিক অধিৱেশনখন অনুষ্ঠিত হয়৷ অধিৱেশনখনত বৰক্ষেত্রী সমষ্টিৰ বিধায়ক দিগন্ত বর্মন, অসম বার্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শর্মা, নলবাৰী জিলা কর্মচাৰী পৰিষদৰ সভাপতি বিকাশ কুমাৰ ভট্টাচার্য, সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শর্মা, প্রচাৰ সম্পাদক হেমন্ত বর্মন, কার্যনির্বাহক সদস্যা নৱনীতা কলিতা, দৈনিক জনমভূমি এমপ্লয়িজ ইউনিয়নৰ সভাপতি উৎপল ভাগৱতী, লেখক নৱৰত্ন পাটোৱাৰী, বেলশৰ থানৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া লিটুমণি শর্মা, সহকাৰী আৰক্ষী বিষয়া প্রণামিকা গগৈ, নতুন দেহৰ জিলা পৰিষদৰ সভাপতি ভাস্কৰ শর্মা, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সচেতন নাগৰিক মঞ্চ, অসমৰ সম্পাদক অতুল বর্মন, কেন্দ্রীয় প্রাক্তন সাংগঠনিক সম্পাদক ভাস্কৰ শর্মা, টিহু উন্নয়ন খণ্ডৰ বিষয়া প্রকাশ বর্মন আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷
সভাত অসম বার্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শর্মাই সাংবাদিকৰ ন্যায্যপ্রাপ্তি আৰু সাংবাদিকৰ অধিকাৰ সম্পর্কে চৰকাৰী পক্ষৰ লগত বার্তাজীৱী সংঘই আলোচনা কৰি যাব বুলি ব্যক্ত কৰে৷ শর্মাই নিজৰ ভাষণত ৰাজ্যখনৰ অৱসৰপ্রাপ্ত সাংবাদিকসকলক চৰকাৰে ঘোষণা কৰা অনুসৰি মাহিলি ১০ হাজাৰকৈ চৰকাৰী পেন্সন যথাযথভাৱে শীঘ্রে প্রদান কৰিবলৈ দাবী জনায়৷ এই কার্যসূচীৰ পিছতে প্রেছ ক্লাবৰ মোহন ভাইৰা সোঁৱৰণী কার্যালয়গৃহত প্রতিনিধি সভাখন অনুষ্ঠিত হয়৷ প্রতিনিধি সভাত নৰেন শর্মাক সভাপতি, পংকজ কুমাৰ লহকৰ, সুভাষ দাস, উদ্ধৱ ঠাকুৰীয়াক উপ–সভাপতি, ৰূপ কুমাৰ শর্মাক সম্পাদক, কুমুদ বর্মন, আজিজ আলী, অনিমেষ বর্মন, শৈলেন বর্মনক সহকাৰী সম্পাদক হিচাপে লৈ বার্তাজীৱী সংঘৰ নলবাৰী জিলাৰ নতুন সমিতিখন গঠন কৰা হয়৷