নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাৰ আটুৱাটিকাত উচ্ছেদ প্রশাসনৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ বুধবাৰে নগাঁও জিলা প্রশাসনৰ বিশেষ তৎপৰতাত আৰক্ষী প্রশাসন আৰু ভোমোৰাগুৰিৰ ৰাইজ ৰাজহ বিভাগৰ মণ্ডল কাননগুহসকলৰ উপস্থিতিত টদ্রৱাৰ ৰাইদঙীয়া ভোমোৰাগুৰি আদি অঞ্চলৰ প্রাকৃতিক সৌন্দর্য্বর্ধন কৰি অহা আটুৱাটিকা নামৰ ঐতিহাসিক পথাৰখনত উচ্ছেদ অভিযান৷ প্রকাশ থাকে যে টদ্রৱাৰ বিভিন্ন প্রান্তত একাংশ দুষৃকতিকাৰীয়ে নিজৰ ক্তিগত প্রভুত্ব বিস্তাৰৰ স্বার্থত বেদখল কার্যৰ জৰিয়তে আগ্রাসন চলোৱাৰ বিষয়ে বটদ্রৱা থান পৰিচালনা সমিতিয়ে অলপতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হত্তৰ অঞ্চলটোৰ বেদখলৰ সামগ্রিক সকলো সমস্যাৰ বিষয়ে অৱগত কৰাইছিল৷

বটদ্রৱা থানৰ দাঁতিকাষৰীয়া প্রাক্তন সৈনিকৰ ভূমি, ভেটিয়নীৰ জামাইবস্তি, টদ্রৱা চৰকাৰী কৃষি জপাম, বটদ্রৱা থানৰ শান্তিজান জাৰত থকা ভূমি আৰু বটদ্রৱা থানৰ ৰহিছা কিচামতৰ ভূমি, কোবাইকটা সত্র, বালিসত্র গ্রেজিং ৰিজার্ভকে ধৰি হত্তৰ অঞ্চলটোৰ হাজাৰৰো অধিক ভূমি বেদখল মুকলি কৰাৰ বাবে মুখ্যমন্ত্রীৰ হস্তক্ষেপ কামনা কৰিছে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিয়ে৷ বুধবাৰে আৰম্ভণি ঘটা টদ্রৱাৰ আটুৱাটিকা ভূমিৰ বেদখল উচ্ছেদ কৰাৰ লেখীয়াকৈ অঞ্চলটোৰ সকলো চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰি সাধাৰণ ৰাইজৰ লগতে পাৰিপার্শ্বিকতা ৰক্ষা কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ বাবে চৰকাৰ প্রশাসনক ৰাইজে অনুৰোধ জনাইছে৷

You might also like