প্লেটফর্মত নিদ্রামগ্ন আশ্রয়হীন লোকক প্রহাৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ওদালগুৰি ৰেল ষ্টেচনত নিশা ৰে’ল কর্মচাৰীয়ে আশ্রয়বিহীন লোকক ৰে’লৱে ষ্টেচনত আশ্রয় লোৱা বাবেই অতি নির্মমভাৱে প্রহাৰ কৰি দাঁত পর্যন্ত ভাঙি দিয়াক কেন্দ্র কৰি উত্তেজনাৰ সৃষ্টি হয়৷ দীর্ঘদিন ধৰি ষ্টেচনটোৰ একাংশ কর্মচাৰীয়ে নিশা গুণ্ডাগিৰি চলোৱাৰ অভিযোগ চলি থকাৰ মাজতে এইবাৰ চৰম সীমা অতিক্রম কৰে৷ কালি নিশা প্রায় ৯.১৫ বজাত সর্বেশ্বৰ বডো নামৰ ষ্টেচনটোৰ পইণ্টছমেন এজনে ষ্টেচনটোৰ প্লেটফর্মত নিদ্রামগ্ণ অৱস্থাত থকা কেইবাজনো আশ্রয়হীন লোকৰ ওপৰত বীৰত্ব প্রদর্শন কৰে৷
ইয়াৰে ভিতৰৰ অণু চৰভৰ (৬৫) নামৰ আশ্রয়হীন বৃদ্ধজন শুই থকা অৱস্থাতে ৰে’ল ষ্টেচনৰ কর্মচাৰীগৰাকীয়ে তেওঁক মাৰধৰ কৰে৷ পিছমূৰত লথিয়াই লথিয়াই বৃদ্ধজনক প্রহাৰ কৰাত প্লেটফর্মত থকা লোৰ চকীত লাগি বেয়াকৈ আঘাতপ্রাপ্ত হোৱাৰ লগতে আশ্রয়হীন বৃদ্ধ লোকজনৰ প্রচুৰ ৰক্তক্ষয় আৰু এটা দাঁত ভাগি যায়৷ ঘটনা সংঘটিত কৰি লগে লগে সর্বেশ্বৰ বডোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ লোক উপস্থিত আছিল যদিও কোনো ব্যৱস্থা গ্রহণ নকৰি ঘটনাক গাপ দিবলৈ চেষ্টা কৰে৷ সাংবাদিক আৰু স্থানীয় যুৱকৰ সহায়ত লোকজনক ১০৮ যোগে চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷ ঘটনা সংঘটিত কৰা কর্মচাৰীগৰাকী সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনাটোক ষ্টেচনটোত উপস্থিত থকা ৰে’লযাত্রীয়ে গৰিহণা দিয়াৰ লগতে ঘটনা সংঘটিত কৰা ৰে’ল কর্মচাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷