নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত প্ৰশিক্ষণ শিবিৰ মুকলি : উন্নতমানৰ খেলপথাৰ অবিহনেই ক্ৰীড়া অনুশীলন

নিয়মীয়া বাৰ্তা, পাঠশালা, ৭ নৱেম্বৰঃ নানা ৰঙীন পোচাকেৰ ব্যস্ত হৈ পৰিছে এজাক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী৷ বিদ্যালয় ছুটিৰ পিছত মোৱাইল নাইবা টিভিৰ কাৰ্টুন আদিত ব্যস্ত থকাৰ সলনি খেলপথাৰলৈ আহি বিভিন্ন খেলত নিজকে ব্যস্ত ৰাখিছে এই সকল ছাত্ৰ ছাত্ৰীয়ে৷ চাৰি বছৰৰ পৰা আৰম্ভ কৰি ১৯-২০ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে আবেলি তিনি বজাৰ পৰা পাছ বজালৈ নিজৰ শৰীটো নিৰোগী কৰি ৰখাৰ লগতে ভবিষ্যতে নিজকে একোগৰাকী সুদক্ষ খেলুৱৈ হিচাপে গঢ় দিবলৈ ব্যস্ত হৈ পৰিছে এইসকল ছাত্ৰ ছাত্ৰী৷ বজালীৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী তথা বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে দৌৰা, জঁপিওৱা, ওজন দলিওৱা, পোল ভোল্ট, ডিচকাছ দলিওৱা আদি বিভিন্ন খেলত নিজকে ব্যস্ত ৰাখিছে৷ উল্লেখ্য যে জিলা ক্ৰীড়া একাডেমি, বজালীয়ে যোৱা ২ নবেম্বৰৰ পৰা পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত কৰা ২১দিনীয়া এথেলেটিকছ প্ৰশিক্ষণ শিবিৰত স্বতঃস্ফূৰ্তভাবে এনেদৰে আহি জীপাল কৰি তুলিছে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ৷ বজালীত এখন উন্নতমানৰ খেলপথাৰ অভাৱ তথা অতি নিম্ন মানৰ সা সুবিধাৰে এনেদৰে খেলত নিয়োজিত হোৱাটো বজালী ক্ৰীড়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দিশ বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা বিশিষ্ট এথলেটিকছ প্ৰশিক্ষক তথা ফেডাৰেল টেকনিকেল অফিচাৰ গোবিন্দ মালাকৰে৷ যোৱা ২ নবেম্বৰৰ আবেলি বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত জিলা ক্ৰীড়া একাডেমী, বজালীৰ উপ সভাপতি কৈলাস চৌধুৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাত প্ৰশিক্ষণ শিবিৰ মুকলি সভাত বন্তি প্ৰজ্বলন কৰি শিবিৰটো মুকলি কৰে বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিৎ শালৈয়ে৷ সভাত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তী, বিশিষ্ট কবি পুৰন্দৰ পাটগিৰী, বিশিষ্ট সমাজকৰ্মী গণেশ চৌধুৰী বিশিষ্ট খেলুৱৈ, আন্তৰাষ্ট্ৰীয় ৰেফাৰী তথা গুৱাহাটী শোধানাগাৰৰ বিষয়া প্ৰসন্ন তালুকদাৰ, সাহিত্যসেৱী হিতেশ দাস, জিলা ক্ৰীড়া একাডমীৰ সভাপতি দিগন্ত তালুকদাৰ আদিয়ে ছাত্ৰ ছাত্ৰী উদ্দেশ্যি শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়৷ এই প্ৰশিক্ষণ শিবিৰত জ্যোতিষ শৰ্মা, সীমান্ত শৰ্মা, গগন পাটগিৰি, বৈকুণ্ঠ খাটনিয়াৰ, মনোজ দাস, মনোজ দত্ত আদিকে ধৰি কেবাজনো সদস্যই সহযোগিতা আগবঢ়ায়৷ অহা ২২ নৱেম্বৰত সামৰণি পৰিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত অংশ লোৱা ছাত্ৰ ছাত্ৰী সকলক বৰপেটা জিলা ক্ৰীড়া বিষয়াৰ পৰা একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হব বুলি সম্পাদক জ্যোতিষ শৰ্মা আৰু সীমান্ত শৰ্মাই জানিবলৈ দিছে৷ এই শিবিৰত যিসকল খেলুৱৈয়ে উন্নত খেল প্ৰদৰ্শন কৰিব তেওঁলোকক পৰবৰ্তী এথলেটিকছ প্ৰতিযোগিতাত যোগদানৰ বাবে নিৰ্বাচন কৰা হব বুলিও উদ্যেক্তাসকলে ব্যক্ত কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like