“আমৃত্যু পৰ্যন্ত অসমীয়া জাতিক অধিক উন্নতিৰ শিখৰলৈ আগুৱাই নিয়াটোৱে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ মুখ্য উদ্দেশ্য
ভবানীপুৰত কেন্দ্ৰীয় যুব আৰু আই মাতৃ সমাৰোহত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ “” শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা সংঘৰ প্ৰতিগৰাকী সঙ্গীৰ মুখ্য উদ্দেশ্যই হ’ল অসমীয়া জাতিটোক কেনেদৰে এক নিকপকপীয়া বান্ধোনৰ মাজেৰে সংঘবদ্ধ কৰি ৰাখি আমৃত্যু পৰ্যন্ত অসমীয়া জাতিটোক অধিক উন্নতিৰ শিখৰলৈ আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱাটো ।সেই উদ্দেশ্যেই শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ গুৰু দুজনাৰ নীতি-আদৰ্শক মনে-প্ৰাণে গ্ৰহণ কৰিছে।আৰু তাৰ বাবেই আমাৰ উঠি অহা প্ৰজন্ম আৰু আই মাতৃসকলৰ মাজত মহাপুৰুষ গুৰু দুজনাৰ ভাবাদৰ্শ অধিক বিয়পাই দিয়াৰ উদ্দেশ্যেই এনেবোৰ অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। আনহাতে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰায় ৪০ লাখ সংগীৰে এক বৃহৎ জাতীয় অনুস্থানলৈ পৰিণত হৈছে বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই নিজৰ ভাষন প্ৰসংগত ভৱানীপুৰত অনুস্থিত হোৱা কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহৰ এক কাৰ্যসুচীত অংগ্ৰহণ কৰি আজি মন্তব্য কৰে ।
উল্লেখ্য আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভবানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ গোপাল আতা সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত আৰু বৰপেটা জিলা শাখাৰ ব্যবস্থাপনাত অনুস্থিত অষ্টবিংশতিতম কেন্দ্ৰীয় যুব আৰু আই মাতৃ সমাৰোহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি ড০ সুৰেশ চন্দ্ৰ বৰাৰ পৌৰাহিত্যত আৰু ৰাতিপুৱা ৬ বজাত ভবানীপুৰীয়া গোপাল আতা আঞ্চলিক শাখাৰ নামাচাৰ্য ৰবীন দাসৰ দ্বাৰা প্ৰাতঃ প্ৰসঙ্গেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত দিনৰ ১১ বজাত অনুষ্ঠিত প্ৰতিযোগিতা উদ্বোধন আৰু গ্ৰন্থ উন্মোচনী সভাত উদ্বোধক হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক গৰাকীয়ে ভাষণ দি ‘জাতিটোৰ মাজত যেতিয়াই সংকট আহি উপস্থিত হৈছে,তেতিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘই মাত মাতি আহিছে’ বুলিও উল্লেখ কৰে।প্ৰসঙ্গক্ৰমে ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো পৰিসীমা নাই, ইয়াৰ সীমা বিশ্ব বিয়াপি’ বুলিও তেওঁ মন্তব্য কৰে।তেওঁৰ মন্তব্য–আমি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুক চৰ্ম্ম চকুৰে চাব নোৱাৰো।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কবৰ দৰে ইয়াৰ বাবে আমাক দিব্য দৃষ্টি লাগিব। আমাৰ ভাষা-সংস্কৃতিলৈ এতিয়া বহিৰাগতৰ পৰা ভাবুকি আহিছে।আমি লোকৰ খিনি লৈছো,কিন্তু নিজৰ ‘ভাল’খিনি এৰিছো।জাতিটোক সন্মানীয় স্থানত অধিষ্ঠিত কৰাৰ বাবে আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব লাগিব।বাহ্যিক জীবন যত্ৰা পৰিহাৰ কৰি আমি অন্তৰ্মুখী দৃষ্টিভঙ্গীৰে এই যাত্ৰা আগুৱাই নিব লাগিব।আনহাতে অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ‘জয় গুৰু শঙ্কৰ,সৰ্ব গুণাকৰ /যাকেৰি নাহিকে উপাম/তোহাৰি চৰণক ৰেণু শত কৌটি/ বাৰেক কৰোহো প্ৰণাম’ বহু চৰ্চিত ঘোষা ফাকি আওৰাই আৰম্ভ কৰা ভাষণত শ্ৰীমন্ত শংকৰদেৱ সংঘই সুদীৰ্ঘ ৯১ বছৰকাল জাতিটোৰ সংস্কৃতি,সমৃদ্ধি আৰু সুৰক্ষাৰ হকে গুৰু দুজনাৰ নীতি আদৰ্শেৰে কাম কৰি অহা বুলি উল্লেখ কৰে।তেওঁৰ মন্তব্য– এই সংগ্ৰাম মৰম-চেনেহৰ আদান-প্ৰদানৰ মাজেৰে কৰা সংগ্ৰাম।কাৰণ, মহাপুৰুষীয়া ধৰ্মত হিংসাৰ কোনো স্থান নাই।অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাই
প্ৰায় কুৰি কিলোমিটাৰ নিলগত অৱস্থিত বৰপেট চহৰৰ প্ৰসংগৰ উল্লেখেৰে অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী ‘বৰপেটা ধাম’ৰ পৰাই গুৰুদুজনাই একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰিছিল বুলি মন্তব্য কৰে।কিন্তু ‘অসম আন্দোলন’ৰ প্ৰথমগৰাকী শ্বহীদৰ গৃহসমষ্টি ভবানীপুৰক ‘আমাৰ সভ্যতা- সংস্কৃতিৰ সৈতে জীণ নোযোৱা এটা দলৰ বাংলাদেশীয় মূলৰ মানুহে প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো চৰম পৰিতাপৰ কথা’ বুলিও তেওঁ উল্লেখ কৰে।কষ্টসহিষ্ণু মহাপুৰুষ গুৰুজনাই ‘মাথোন বাৰ বছৰ বয়সতে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল আৰু তেৰাৰ দেহত্যাগৰ সময় ১২০ বছৰলৈকে এই চৰ্চা অব্যাহত ৰাখিছিল’ বুলিও তেওঁ মন্তব্য কৰে।তদুপৰি ‘ভকতিপূৰ্ণ জ্ঞানহে প্ৰকৃত জ্ঞান’ বুলি উল্লেখ কৰি মহাপুৰুষ গুৰু দুজনাৰ শিষ্য – প্ৰশিষ্যসকলৰ জীবন পণ্জী অধ্যয়ন কৰিলেহে অসমীয়া জাতিৰ প্ৰকৃত উত্তৰণৰ ইতিহাস জানিব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে।অনুষ্ঠানত সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে দিয়া নিজৰ আদৰণি ভাষণত ভবানীপুৰ সমষ্টিৰ নব নিৰ্বাচিত বিজেপি দলৰ বিধায়ক ফণীধৰ তালুকদাৰে ‘সমষ্টিটোত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ তিনিদিন আগলৈকে থকা গোমা গোমা ভাবটো এতিয়া নোহোৱা হৈ পৰিছে’ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।তেওঁৰ মন্তব্য–আমাৰ পৰম্পৰা আৰু সভ্যতা- সংস্কৃতিৰ সৈতে মিল নোহোৱা এক ৰাজনৈতিক শক্তিয়ে আমাৰ সমষ্টিটো দখল কৰি আছিল।এতিয়া এই সমস্যাৰ পৰা মুক্ত হৈছে সমষ্টিবাসী।শংকৰ সংঘই আমাৰ সত্ৰ সংস্কৃতিৰ সৈতে মিলি আমাৰ আগুৱাই যোৱাৰ পথটো এতিয়া মসৃণ কৰিছে।তদুপৰি সমাৰোহ উপলক্ষে প্ৰকাশ কৰি উলিওৱা ‘কৃষ্ঞ-সূৰ্য ‘ নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰঅধ্যক্ষ ড০ মুকুন্দ শৰ্মাই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত উন্মোচনক এক মহৎ কাৰ্য হিচাপে আখ্যা দিয়ে। তেওঁৰ মন্তব্য–‘কৃষ্ঞ- সূৰ্যত লিপিবদ্ধ মহৎ বাণীসমূহ ভক্তিপ্ৰাণ ৰাইজে অধ্যয়ন কৰিব আৰু ইয়াৰ সাৰমৰ্ম অনুধাৱন কৰি নিজৰ জীবনক সমৃদ্ধ কৰিব।তেওঁ মহাপুৰুষ গৰাকীৰ চিন্তা- চেতনাক বিশ্ব দৰবাৰত আগুৱাই নিয়াৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই প্ৰথমৰে পৰাই ধাৰাবাহিক ভাবে মহৎ কাৰ্য সম্পাদন কৰি আহিছে বুলিও মন্তব্য কৰে।তেওঁৰ মন্তব্য- এটা জাতি ভালদৰে জীয়াই থাকিবলৈ হলে প্ৰত্যেকৰে মনত এক স্বাভিমান জাগ্ৰত হ’ব লাগিব।তেতিয়াহে সমাজ- সংস্কৃতি ৰক্ষাৰ হেতু আমাৰ বোধোদয় ঘটিব।আনহাতে সমাৰোহত উপস্থিত থাকি বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মানুৱৰ্ত্তিতা আৰু শৃঙ্খলাবদ্ধতাই তেওঁক অভিভূত কৰা বুলি কয়। ভবিষ্যতে শ্ৰীমন্ত শংকৰদেৱ সংঘক চৰকাৰী সহায় সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁ পূৰ্ণ শতাংশই সহায়ৰ প্ৰতিশ্ৰুতিও দিয়ে।আনহাতে সমাৰোহৰ সামৰণিত দিয়া ভাষণত আজিৰ সভাৰ সভাপতি ড০ সুৰেশ চন্দ্ৰ বৰাই ক’ভিডজনিত পৰিস্থিতিৰ বাবেই তেওঁলোকে সচৰাচৰ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰি অহা সমাৰোহ ভাগি দুদিনীয়াকৈ আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে।আনহাতে ইয়াৰ বাবেই পূৰ্বে কৰি অহা বহুসংখ্যক প্ৰতিযোগিতাই বাতিল কৰি প্ৰতিযোগিতাসমূহ সীমিত ৰূপত অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।উল্লেখ্য,আজিৰ এই সমাৰোহত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে কেন্দ্ৰীয় শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ সাধাৰণ পৰিষদ দুখনিও অনুষ্ঠিত হয়।অনুষ্ঠিত দুয়োখন পৰিষদতে ‘শিশু মণ্জৰী’ আৰু ‘ডেকাগিৰী’ নামৰ দুখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।কাইলৈ এই সমাৰোহৰ অন্তিম দিন।