নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ ভাওনা প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত পৌৰাণিক নাট বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ নাটৰ ভাওনা প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈষ্ণৱ আৰু জোনাইবাসীৰ ৰাইজৰ সহযোগত  জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত প্ৰদৰ্শন কৰা বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ  ভাওনাৰ উদ্বোধন কৰা হয় মাঙ্গলিক কাৰ্য্যসূচীৰে। ভাওনা প্ৰদৰ্শন অনুষ্ঠানত জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ বাৰ্ষিক ভাওনা উদযাপন সমিতিৰ সভাপতি তুলসী বৰশইকীয়া সম্পাদক ৰমা গগৈ লগতে বহু সংখ্যক গন্যমান্য ব্যক্তিৰ লগতে সহস্ৰাধিক নাট্যপ্ৰেমী উপস্থিত থাকে।

 

প্ৰেৰক কৰবী দলে

You might also like