নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱা থানৰ ভৰালী মণি আতৈৰ বিয়োগ

নিয়মীয়াবাৰ্তা বটদ্ৰৱা ১১ নৱেম্বৰঃ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক তথা থানৰ ভৰালী আৰু সত্ৰীয়া ভকত মণিৰাম কলিতা আতৈৰ আজি বৈকুণ্ঠী প্ৰয়ান হয়। বিগত প্ৰায় এবছৰৰ অধিক সময় ৰোগত আক্ৰান্ত হৈ আছিল মনি আতৈ। আজি বিয়লি বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ নিজ বাসগৃহত আতৈয়ে ইহলোকৰ পৰা পৰলোকলৈ গমন কৰে। চিৰকুমাৰ মণি আতৈয়ে বটদ্ৰৱা থানত ৫০ বছৰৰো অধিক সময় ভকত বৈষ্ণৱৰ সেৱাত নিমজ্জিত হৈ আছিল। ষাঠিৰ দশকতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দূৰদৰ্শী সাধাৰণ সম্পাদক প্ৰয়াত কমল চন্দ্ৰ বৰাৰ তত্ত্বাৱধানত থানত তীৰ্থযাত্ৰী সকলৰ সেৱা কৰিবলৈ আহিছিল মণিৰাম কলিতা নামৰ কিশোৰ জনে।  পৰৱৰ্তী সময়ত বটদ্ৰৱা থানৰ অন্যতম মুখ্য আতৈ তথা থানৰ মূল নামাচাৰ্য যোগেশ আতৈৰ ঘনিষ্ঠ সহযোগী হিচাপে থানৰ ভৰালীৰ দায়িত্বত থাকি সেৱা আগবঢ়াইছিল। চিৰকুমাৰ মণি আতৈয়ে বটদ্ৰৱা থান দৰ্শনৰ বাবে তীৰ্থযাত্ৰী সকলৰ বাবে অতিশয় চিণাকি নাম হৈ পৰিছিল। গুৰুজনাৰ একান্তু সেৱক সৰলমনা এইজনা সাত্বিক ভকতে এমোকোৰা হাঁহিৰে সৈতে ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰী সকলক কীৰ্তন ঘৰলৈ আদৰি আনিছিল। বটদ্ৰৱা থানৰ দুপৰীয়াৰ ডেৰপৰীয়া প্ৰসংগৰ শেষত তীথযাত্ৰী সকলক উদ্দেশ্যি আৰ্শীৰ্বাদ দিয়াৰ আগে আগে “এতিয়া সকলো যাত্ৰীয়ে সেৱাকৰক” বুলি কোৱা সত্ৰীয়া ভকতজনৰ বিয়োগত বটদ্ৰৱাত গভীৰ শোকৰ ছাঁ পৰিছে। কেইটামান মাহৰ পূৰ্বতে অসুস্থ হৈ থকা আতৈৰ  চিকিৎসাৰ খৱৰ লৈছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বটদ্ৰৱাৰ ভকত বৈষ্ণৱে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা তেওঁৰ বিয়োগত শেষ শ্ৰদ্ধা জনোৱা হয়। তেওঁৰ বিয়োগত নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, উপসভাপতি অম্লানজ্যোতি দেৱ গোস্বামী. কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ দেৱ গোস্বামী, কোষাধ্যক্ষ তপন কুমাৰ দাস, কাৰ্যনিৰ্বাহক সদস্য কল্যাণ কলিতা, হিৰণ্য কলিতা, ৰৱিৰাম শইকীয়া, বাবুল হাজৰিকা, সাংবাদিক কন্দৰ্প কুমাৰ কলিতা, অমৰজ্যোতি কলিতা, জগন্নথ কলিতা, হৰেন্দ্ৰ বনিক, ৰত্নেশ্বৰ বায়ন প্ৰমুখ্যে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
You might also like