নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সমূহীয়া ভূঁই ৰোপণ

নিয়মীয়া বাৰ্তা, ২০ জুলাই : ভাৰতীয় জনতা যুৱ মৰ্চা দৰঙৰ উদ্যোগত দেওমৰনৈ আৰু পাথৰিঘাট মণ্ডল যুৱ মৰ্চাৰ সহযোগত আজি ৰূপায়ণ কৰা হয় এক সমূহীয়া ভূঁই ৰোৱা কাৰ্যসূচী। দৰঙৰ কালজুৰি গাঁৱৰ কৃষক চন্দ্ৰ কলিতাৰ কৃষিভূমিত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকি শাৰীৰিকভাৱে অসুস্থ, দৰিদ্ৰ কৃষকজনৰ কৃষিকৰ্ম সমাপন কৰাত সহায়-সহযোগ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে। কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা পৰিষদ, দৰঙৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা আৰু বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাই। বিধায়ক পৰমানন্দ ৰাজবংশীৰ পৃষ্ঠপোষকতাত আয়োজন কৰা এই কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ দৰং জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মা, উপ-সভাপতি পৱিত্ৰপ্ৰাণ ডেকা, যুৱ মৰ্চাৰ কাৰ্যকৰ্তা লক্ষ্যধৰ ডেকা, মিণ্টু কুমাৰ ৰাজবংশী, ভাস্কৰ দিবাকৰ কলিতা, কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা ৰবীন্দ্ৰ ভূঞা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like