ভৱানীপুৰ আঞ্চলিক কলেজত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সূচনা কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সূচনা কাৰ্যসূচী সম্পন্ন হয়। এই উদ্দেশ্যৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰখন আৰম্ভণিতে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ আহ্বায়ক অধ্যাপক শ্বাহ আলম হুছেইন, অধ্যাপক মানস কুমাৰ চক্ৰৱৰ্তী, ড° হান্নান আলী,অভিলাশ বৰুৱাই আঁত ধৰা আৰু পৰিচালনা কৰা আলোচনাচক্ৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰণৱ শইকীয়া আৰু প্ৰকাশন বিভাগৰ জ্যোতি খাটনিয়াৰে সমল ব্যক্তিৰূপে নিৰ্দিষ্ট বিষয়ৰ ওপৰত বহলভাৱে বক্তৃতা প্ৰদান কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় কেন্দ্ৰত ২০২২ বৰ্ষত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীৰ প্ৰাৰম্ভিক অন্তৰ্ভুক্তিৰ ওপৰত সমল ব্যক্তিদ্বয়ে বহলভাৱে বাখ্যা কৰে। তদুপৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° সমীৰণ শৰ্মাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আলোচনা আগবঢ়ায়।২৫০ নতুন শিক্ষাৰ্থীয়ে আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ লগতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক ভূষণ তালুকদাৰ