নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্টেইনমেণ্ট জ’নত ভয়ানক ছবিঃ একেটা চৌহদত থকা ৩০টা পৰিয়ালে ব্যৱহাৰ কৰে এটা বাথৰুম

নিয়মীয়া বাৰ্তা, ২০ মেঃ  উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত ক’ৰোনা আক্রান্ত মুংৰু সাহানীৰ সংস্পর্শ আহি মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে যাক লৈ শংকিত হৈ পৰিছে ফাঁচীবজাৰসহ মহানগৰীৰ বাসিন্দা৷ কিয়নো সাহানীৰ সংস্পর্শলৈ অহা বিভিন্ন ব্যক্তি বাস কৰে মহানগৰীৰ ভিন্ন প্রান্তত৷ সেয়েহে স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনেও মুংৰু সাহানীৰ সংস্পর্শলৈ অহা ব্যক্তিৰ অনুসন্ধান আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগে পোহৰলৈ আহিবলৈ লৈছে কেতবোৰ ভয়াৱহ তথ্যও৷ সাহানীৰ সংস্পর্শলৈ আহি ভূতনাথৰ বিহাৰীপট্টিৰ শুভৰাজ সিং আৰু তেওঁৰ ৯ বছৰীয়া কন্যা কৃতিকা সিং ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ পিছতে ভূতনাথৰ বিহাৰীপট্টি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে উক্ত অঞ্চলটোত বাস কৰা লোকসকলৰ ছোৱাবৰ নমুনা সংগ্রহকে ধৰি স্বাস্থ্য পৰীক্ষাৰ কাম আৰম্ভ কৰা হৈছে৷

মঙলবাৰে স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ লোক উক্ত অঞ্চলটোত উপস্থিত হয়৷ প্রাপ্ত তথ্য অনুসৰি, বিহাৰীপট্টিৰ এই এলেকাটোত বাস কৰে প্রায় ২ হাজাৰ পৰিয়াল৷ ক’ৰোনাত আক্রান্ত শুভৰাজ সিঙৰ ভাৰাঘৰত থকা লোকৰ সংখ্যা ৫০জন৷ তেওঁৰ চৌহদত বাস কৰা এই ৩০টা পৰিয়ালে ব্যৱহাৰ কৰে এটাই বাথৰুম৷ যাৰ বাবে বিহাৰীপট্টিৰ এই অঞ্চলটোক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ বাৰম্বাৰ হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক সুকীয়া বাথৰুম, সুকীয়া কোঠা, খোৱাৰ বাচন–বর্তন আদি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আহিছে প্রশাসনে৷ কিন্তু মুংৰু সাহানীৰ পৰোক্ষ সংস্পর্শলৈ অহা শুভৰাজ সিঙৰ চৌহদত থকা এই লোকসকলৰ শৰীৰলৈও ক’ৰোনাৰ সংক্রমণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ উল্লেখ্য যে মুংৰু সাহানীয়ে কাম কৰা আলুপট্টিত আলু–পিঁয়াজৰ গুদাম আছে শুভৰাজ সিঙৰ৷

ইতিমধ্যে মুংৰু সাহানীৰ সংস্পর্শলৈ আহি ক’ভিড–১৯ত আক্রান্ত হোৱা ৰাকেশ সিং নামৰ লোকজনৰ সম্পর্কত খুৰা হৈছে শুভৰাজ সিং৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য ধৰা পৰাৰ পূর্বে ৰাকেশ খুৰাকৰ ঘৰলৈ ১১ মে’ত ফুৰিবলৈ গৈছিল৷ সেয়েহে তেওঁৰ পৰাই শুভৰাজ সিং আৰু তেওঁৰ কন্যালৈও ক’ৰোনাৰ সংক্রমণ ঘটা বুলি আশংকা কৰা হৈছে৷ ইতিমধ্যে দুয়োগৰাকীকে মহেন্দ্র মোহন চৌধুৰী হাস্পতালত নিশাই ভর্তি কৰোৱা হয়৷ কালি নিশা মহানগৰীত আক্রান্ত আন এজন লোক জিতেন্দ্র পেটেল বুলি জানিব পৰা গৈছে৷ তেওঁকো নিশাই চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ উল্লেখ্য যে সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্র আৰু মহানগৰীৰ বিভিন্ন হোটেলত আছুতীয়াকৈ ৰখা আন কেইবাজনো ব্যক্তিৰ দেহতো ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ আজি এই ব্যক্তিসকলক এম্বুলেঞ্চযোগে চিকিৎসালয়লৈ লৈ যোৱা হয়৷ পল্টন বজাৰৰ তিনিখন হোটেলত থকা এই ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ সময়ত ক’ৰোনা আক্রান্ত ৰোগীক চাবলৈ একাংশ লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ বাৰম্বাৰ আৰক্ষী–প্রশাসনে তেওঁলোকক আঁতৰি যাবলৈ আহ্বান জনাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷

ইপিনে, ক’ভিড–১৯ত আক্রান্ত ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ সমগ্র ব্যৱস্থা পর্যবেক্ষণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যিক স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো উদ্বেগজনক৷ কিন্তু ৰাজ্যবাসীক ভয় নাখাবলৈ আহ্বান জনাইছে তেওঁ৷ ৰাজ্য চৰকাৰ, স্বাস্থ্যমন্ত্রীয়ে অসমক সুৰক্ষিত কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷ সেয়েহে ৰাইজক আতংকিত হোৱাৰ বিপৰীতে সাৱধান হ’বলৈ আহ্বান জনাই তেওঁ এইবুলি কয়– ‘নতুনকৈ আক্রান্ত লোকসকলৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা অহা৷ তেওঁলোক বিভিন্ন কোৱাৰেণ্টাইন ব্যৱস্থাৰ মাজত আছিল৷ সেয়েহে তেওঁলোকৰ পৰা সমাজলৈ এই ৰোগ বিয়পাৰ সম্ভাৱনা কম৷’

উল্লেখ্য যে মঙলবাৰে পুৱা স্বাস্থ্য বিভাগৰ এটা দলে কণ্টেইনমেণ্ট জ’ন বিহাৰীপট্টিত উপস্থিত হৈ তাত বাস কৰা লোকসকলৰ নাম–ঠিকনা পঞ্জীয়ন কৰে৷ পৰৱর্তী সময়ত পর্যায়ক্রমে তেওঁলোকৰ ছোৱাবৰ নমুনাও সংগ্রহ কৰিব৷ ইপিনে, ভূতনাথৰ বিহাৰীপট্টিৰ অঞ্চলটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগে লগে মহানগৰীত সক্রিয় কণ্টেইনমেণ্ট জ’নৰ সংখ্যা ১২টালৈ বৃদ্ধি পালে৷ বর্তমান গুৱাহাটীত সক্রিয় কণ্টেইনমেণ্ট জ’নসমূহ হৈছে– বিহাৰীপট্টি, হাৰিয়ানা ভৱন, ফটাশিল আমবাৰী, ৰুক্মিণীগাঁও, কটাহবাৰী, চানমাৰিৰ অমিয় নগৰ, বি বৰুৱা কর্কট প্রতিষ্ঠানৰ আৱাসিক এলেকা, ফাঁচীবজাৰ আদি৷ ইতিমধ্যে স্পেনিছ গার্ডেন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১নং আৰু ৫নং হোষ্টেল, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্রী নিৱাসৰ কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷

You might also like