শিক্ষা বিভাগৰ আজব কাণ্ড ২১ মাহৰ পিছত চাকৰী হেৰুৱালে ভূপেন দিহিঙীয়াই
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: ৰাজ্যৰ শিক্ষা বিভাগৰ এক টোঘলকী কাণ্ডত এজন বিজ্ঞান টিউটৰে ২১ মাহে বেতন লাভ কৰিও চাকৰি হেৰুৱাব লগা হোৱা ঘটনাই স্তম্ভিত কৰি তুলিছে সোণাৰি চাপৰি অঞ্চলৰ সচেতন মহলক ৷ প্ৰাপ্ত তথ্য মতে লখিমপুৰ জিলাৰ বৰদলনী শিক্ষা খণ্ডৰ অন্তগত বৰবাৰী কনেং মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে ১৯৯৪ চনতে বে চৰকাৰী ভাবে নিযুক্তি পাইছিল ভূপেন দিহিঙীয়াই ৷ বিগত ২৭ বছৰে বিনা বেতনে অশেষ দুখ কষ্টৰ মাজেৰে মানব সম্পদ গঢ়াৰ বৃত্তিত আত্মনিয়োগ কৰি অহা শিক্ষক গৰাকীৰ পদটো অৱশেষত মেমো নং EPD -16/provn- UP(Act.2017)/ 2021/6338-A. দিনাংক ৫ ফেব্ৰুৱাৰী ২০২১ নম্বৰৰ নিযুক্তি পত্ৰৰ জৰিয়তে প্ৰাদেশীকৃত হয় science tutor হিচাপে ৷ সেই মৰ্মে দিহিঙীয়াই ৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে Science Tutor হিচাপে যোগ দান কৰি কৰ্তব্য সম্পন্ন কৰি অহাৰ পিছতে প্ৰথমে সোণাৰি চাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ লগত চামিল কৰি পিছলৈ চেলাজান বাঘচুক দৌলগুৰি ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়লৈ Science Tutor হিচাপেই বদলি কৰি নিয়ে আৰু যোৱা ২১ মাহে নিয়মীয়া বেতনো লাভ কৰি আহিছিল ৷ কিন্তু ইমানৰ পিছতো অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয়ৰ মেমো নং WPD/ 1-1/ 209/ 2022/ 11- A দিনাংক ১০ নবেম্বৰ ২০২২ তাৰিখৰ নিৰ্দেশ মতে দিহিঙীয়াৰ Science Tutor হিচাপে লাভ কৰা প্ৰাদেশীকৃত পদটো বাতিল কৰাত হাহাকাৰ লাগিছে পৰিয়ালটোত ৷ ঘটনাৰ সন্দৰ্ভত দিহিঙীয়াই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ পুণৰ নিযুক্তিৰ বাবে আবেদন জনাইছে যদিও শিক্ষা বিভাগৰ এনে আজৱ কাণ্ডই আতংকিত কৰি তোলা পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈকো ন্যায়ৰ বাবে জনাইছে কাতৰ আহ্বন ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি