উজনি মাজুলী শাখা সাহিত্য সভাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ অসমবাসীৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী আজি উজনি মাজুলী শাখা সাহিত্য সভা আৰু উজনি মাজুলী সংগীত মহাবিদ্যালয়ৰ সহযোগত অনুষ্টুপিয়াকৈ পালন কৰা হয়। সেই উদ্দেশ্যে আজি বিয়লি ২ বজাত নতুন বজাৰস্থিত উজনি মাজুলী শাখা সাহিত্য সভাৰ কাৰ্যালয়ত শাখা সাহিত্য সভাৰ সম্পাদক তীৰ্থ শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সাহিত্য সভাৰ সভাপতি গিৰিধৰ কলিতাই।
অনুষ্ঠানত উপস্থিত সকলোৱে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে শাখা সাহিত্য সভাৰ জেষ্ঠ সদস্য বিষ্ণু বৰুৱাই। শিল্পীগৰাকীৰ জীৱনাদৰ্শৰ ওপৰত বক্তব্য প্ৰদান কৰে শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কুলেন্দ্ৰ নাথ ডেকাই। উক্ত অনুষ্ঠানতে শাখা সাহিত্য সভালৈ প্ৰতিভাৱান যুৱ শিল্পী নিৰঞ্জন বৰাই অংকন কৰা ডঃ ভূপেন হাজৰিকা আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এখনিকৈ পেইন্টিং আগবঢ়োৱাত শিল্পী গৰাকীক উজনি মাজুলী শাখা সাহিত্য সভাৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত শিল্পী ললিত পেগুৱে পৰিৱেশন কৰা ভূপেন্দ্র সংগীতে সকলোকে আপ্লুত কৰে।
ইয়াৰ পিছতে অসম সংগীত পৰিৱেশনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি পৰে।
input: ৰূপজ্যোতি বৰা, নতুন বজাৰ