নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ কুপতিমাৰীত লুইতৰ খহনীয়াৰ তাণ্ডৱ

🎯 ১০টাকৈ পৰিয়াল গৃহহীন, আতংকিত ভূৰাগাঁওবাসী

🎯 জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত

নিয়মীয়া বাৰ্তা, ৮ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুপতিমাৰীত লুইতৰ বিধ্বংসী খহনীয়া অব্যাহত আছে। কুপতিমাৰীত যোৱা এসপ্তাহ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া। ইতিমধ্যে এই খহনীয়াত ১০টাকৈ পৰিয়াল গৃহহীন হৈছে। আনহাতে কেবাটাও পৰিয়াল ঘৰ দুৱাৰ লৈ নিৰাপদ স্থানত ঢাপলি মেলিছে। ইফালে ভূৰাগাঁও অঞ্চলৰ ৰক্ষাকৱচ মথাউৰিৰ পৰা মাত্ৰ ১০ মিটাৰ দূৰত্বত অব্যাহত আছে লুইতৰ এই তাণ্ডৱ। যিকোনো মূহুৰ্তত জাহ যাব পাৰে মথাউৰি। খহনীয়াত মথাউৰি জাহ গলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে সমগ্ৰ মৰিগাঁও জিলাত। বাৰিষাৰ আৰু দুমাহ বাকী থকা অৱস্থাত মথাউৰিৰ নিচেই কাষতে এইদৰে খহনীয়া অব্যাহত থকাত ভূৰাগাঁওবাসী অধিক শংকিত হৈ পৰিছে। যদি খহনীয়াত মথাউৰি জাহ তেন্তে সমগ্ৰ মৰিগাঁও জিলা প্ৰলয়ংকাৰী বানত ডুব যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মৰিগাঁও জিলা জলসম্পদ বিভাগে দিনে নিশাই জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি ৰক্ষা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।আনহাতে কুপতিমাৰীৰ ওচৰতে নাথগাঁৱৰ শৈলবান্ধটো খহনীয়াত আধা অংশ জাহ গৈছে। জিলা জলসম্পদ বিভাগে শৈলবান্ধটো ৰক্ষাৰ ক্ষেত্ৰতো চেষ্টা অব্যাহত ৰাখিছে। গৰাখহনীয়াত শৈলবান্ধটো জাহ লুইতত বিলীন হব বৃহত্তৰ ভূৰাগাঁও অঞ্চল ভৌগোলিক মানচিত্ৰ। শৈলবান্ধটোলৈ ভাবুকি অহাত অধিক শংকিত হৈ পৰিছে সমগ্ৰ ভূৰাগাঁওবাসী।

প্ৰেৰক আবুল কালাম

You might also like