নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ ৰাজহ ফাকিৰে লুণ্ঠন চলিছে বিজনী দহলাপাৰাস্থিত টোল গেটত

নিয়মীয়া বাৰ্তা ২১ মেঃ  নিশা ধন লুন্ঠনৰ গোপন মেচিন( হেণ্ড হোল) জব্দ চিৰাং আৰক্ষীৰ৷সাংবাদিকৰ ষ্ট্ৰীং অপাৰেচনত ধৰা পৰিল বৃহৎ চিণ্ডিকেটৰ ৷ চিৰাং জিলাৰ বিজনী দহলাপাৰাস্থিত ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলপ্লাজাত ছলিছে বৃহৎ চিণ্ডিকেটৰাজ৷ টোলপ্লাজাৰ স্বত্বাধিকাৰী আৰু একাংশ দালাল আৰু চিণ্ডিকেট বাহিনীয়ে লুণ্ঠন অব্যাহত ৰাখিছে টোলপ্লাজাত৷ এম এছ বি এম কন্ট্ৰাকচন নামৰ এটা কোম্পানীয়ে চলাইছে লুণ্ঠন৷ চৰকাৰক ৰাজহ ফাঁকি দি স্বত্বাধিকাৰীয়ে অতি কৌশলৰে চলাই আহিছে টোলপ্লাজাত ধন সংগ্ৰহ৷প্ৰতিদিনে লাখ লাখ টকা এনেদৰে অবৈধ ভাৱে বিভিন্ন গাড়ী- মটৰৰ পৰা সংগ্ৰহ কৰি আহিছে ধন৷ একাংশ ৰ অভিযোগমতে দীৰ্ঘদিনৰে পৰা ফাষ্টটেগ নথকা বাহনৰ পৰা অবৈধ ভাবে বালাজী মেচিনেৰে (হেণ্ড হোল মেচিন) অধিক ধন সংগ্ৰহ কৰি আহিছে টোলগেটৰ কৰ্মচাৰীয়ে ,চিণ্ডিকেক বাহিনীয়ে৷

যোৱা নিশা এক অভিযোগৰ ভিত্তিত এটা সাংবাদিকৰ দলে টোলপ্লাজাত ষ্ট্ৰীং অপাৰেচন চলায়৷ সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰক অন্ধকাৰত ৰাখি বৃহৎ ৰাজহ ফাকিৰ গোপন তথ্য ৷যোৱা নিশা এক খবৰৰ ভিত্তিত অনুসন্ধান চলোৱাৰ বাবে চিৰাং জিলাৰ দহলাপাৰাস্থিত টোল গেটত টাটা ডী আই বাহনত উঠি আহিল সাংবাদিকৰ দল ।ফাষ্টটেগ বিহীন চাৰিচকীয়া মিনি ট্ৰাক বাহনৰে চলোৱা ‌অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ কৰ ফাকিৰ গোপন ৰহস্য ।

বৃহস্পতিবাৰে বাহন খন টোলগেটৰ সাত নম্বৰ পথেদি নিশা ৮.৩৯ বজাত সোমোৱাৰ পিছত ফাষ্টটেগ নাই বুলি কোৱাত কাউন্টাৰত থকা ব্যক্তি জনে ডবল চাৰ্জ লাগিব বুলি কৈ এটা গোপন মেচিনৰ পৰা ৰিছিভ আনিব দিয়ে এজন কৰ্মচাৰীক । ২৫০/ টকাৰ ৰিচিভ এখন আনি দিয়ে বাহনখনৰ চালকক । কিন্তু ৰিচিভ খনত বাহন খনৰ বিষয়ে একো তথ্য নাই আনকি টোলপ্লাজাৰ নাম ঠিকনাও নাই ৷ অবৈধ ভাবে এনেদৰে ধন সংগ্ৰৰ কৰি আহিছে টোলপ্লাজাৰ মালিকে৷ পিছত এই সম্পৰ্কত প্ৰশ্ন কৰাত মেচিনটো লৈ পলায়ন কৰে কৰ্মচাৰী এজনে । পিছত ঘটনা সম্পৰ্কত চিৰাং আৰক্ষীক অৱগত কৰোৱা হয় আৰু চিৰাং আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু বিশেষ মেচিনটো( হেণ্ড হোল) সহ নগদ ধন উদ্ধাৰ কৰি জব্দ কৰে ৷ আৰক্ষীয়ে মেচিনৰ লগত থকা আঠহাজাৰ টকাও জব্দ কৰে ৷ সম্প্ৰতি ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷যোবা কালিৰ টোলপ্লাজাৰ ঘটনাৰ সংক্ৰান্তত সাংবাদিক তৰফৰ পৰা বিজনী থানাত এখন এজাহাৰ দিখিল কৰে৷

You might also like