নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ 

নিয়মীয়া বাৰ্তা ,১৮ জানুৱাৰীঃ-চিৰাং জিলাৰ  বিজনী মহকুমাধিপতিৰ  কাৰ্যালয়ৰ সভাকক্ষত আজি এখন সভা অনুষ্ঠিত হয় । সভাত চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত,  বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে। সেইমৰ্মে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৫৮ হাজাৰ ২৩৯ গৰাকী । ইয়াৰে মুঠ ৮০ হাজাৰ ১২৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৮ হাজাৰ ১১৪ গৰাকী মহিলা ভোটাৰ । উল্লেখ্য খচৰা ভোটাৰ তালিকা অনুসৰি বিজনী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১ লাখ ৫৬ হাজাৰ ৮৭ গৰাকী । খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত ২১৫২ গৰাকী ভোটাৰ বৃদ্ধি হৈছে। সেইমৰ্মে খচৰা ভোটাৰ তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধিৰ হাৰ ১.৩৭ শতাংশ । জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে জনোৱা অনুসৰি বিজনী সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২০২ টা যদিও সমষ্টিটোত  ১ হাজাৰৰ ওপৰৰ ভোটাৰ থকা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে অতিৰিক্ত মুঠ ৩১ টা  ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে  ইতিমধ্যে  নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। তাৰোপৰি,  ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰি যোৱা বৈধ ভাৰতীয় ভোটাৰে নিজ নিজ নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়াও আবেদন কৰিব পাৰিব বুলিও সভাত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে মন্তব্য কৰে। ইফালে,  নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে এইবেলি পোন প্ৰথমবাৰৰ বাবে শাৰীৰিকভাৱে বিশেষ সক্ষম লোক আৰু ৮০ বছৰ বয়সৰ উদ্ধৰ লোকে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰিব বুলিও জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে জানিবলৈ দিয়ে ।

উল্লেখ্য  বিজনী সমষ্টিত ৫০৬ গৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম লোক আৰু ২৩৫০ গৰাকী ৮০ বছৰ বয়সৰ উদ্ধৰ লোক আছে। আনহাতে, নিৰ্বাচন আয়োগৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এইবেলি বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে য’তে ত’তে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিব নোৱাৰিব। বিজনী সমষ্টিৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া  ৩৩ খন ক্ষেত্ৰতহে  ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিব পাৰিব বুলিও জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে সভাত মন্তব্য কৰে। উক্ত সভাত বিজনীৰ নিৰ্বাচনী বিষয়া মৌচম প্ৰতীম নাথ, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি, নিৰ্বাচনী কাৰ্যৰ সৈতে জড়িত বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে ।

You might also like