নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নক্সাল প্ৰভাৱিত অঞ্চলত সহায়ৰ বাবে CRPF আৰু DRDO ই বনালে বাইক এম্বুলেন্স

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই সংযুক্তভাৱে এখন বাইক এম্বুলেন্স নিৰ্মাণ কৰিছে। যাৰ নাম ৰখা হৈছে ৰক্ষিত। মঙলবাৰে দিল্লীত এই নতুন বাইক এম্বুলেন্সখনৰ মুকলি কৰা হ’ব।

নক্সাল প্ৰভাৱিত অঞ্চলসমূহত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা আৰু আঘাতৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীৰ কৰ্মচাৰীসকলক তৎক্ষণাৎ স্থানান্তৰ কৰাত সহায় কৰিবলৈ এই বাইক এম্বুলেন্সখন প্ৰস্তুত কৰা হৈছে। এক সূত্ৰই জনোৱা মতে, এনকাউণ্টাৰৰ সময়ত আঘাত প্ৰাপ্ত হ’লে এম্বুলেন্স বাইকখনে চি আৰ পি এফ জোৱানসকলক সহায় কৰিব।

You might also like