নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ ২ নং ভেটাগাঁৱত চাঞ্চল্যঃ অনিমা সৰকাৰ(৪৮) নামৰ এগৰাকী মহিলাক হত্যা

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ  চিৰাঙৰ বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘটনাটো বিজনীৰ ২ নং ভেটাগাঁৱৰ। স্থানীয় ৰিংকু নাৰ্জাৰী(২৮) নামৰ এজন যুৱকে অতৰ্কীতে ডেগাৰেৰে হানি হত্যা কৰে এগৰাকী মহিলাক।নিহত মহিলা গৰাকী ২ নং ভেটাগাঁও নিবাসী অনিমা সৰকাৰ(৪৮)।মহিলা গৰাকীক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ঘটনাস্থলিত বিজনী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ৰিংকু নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আহি তদন্ত আৰম্ভ কৰিছে।ঘটনা সংক্ৰান্তত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্র ফেডাৰেচনে উক্ত স্থানত থকা চুলাই মদৰ ঘাটিৰ পৰা কাজিয়াৰ সূত্ৰপাত হোৱা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰোপৰি ৪৮ ঘণ্টাৰ ভিতৰত এই ঘাটিসমূহ উচ্ছেদ কৰাৰ বাবে দাবী উত্থাপন কৰে।

You might also like