নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলাবিল হাইস্কুলত বিনামূলীয়া চাইকেল বিতৰণ অনুষ্ঠানঃ ৩২ BPL হিতাধিকাৰী ছাত্র উপকৃত

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ :– ওদালগুৰি জিলাৰ ওৰাঙৰ গেলাবিল হাইস্কুলত আজি চৰকাৰী আচনিৰ আওতাৰ ৩২ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্রক বিনামূলীয়াকৈ নতুন চাইকেল বিতৰণ কৰা হয় ।বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি গেলাবিল গাঁও সমন্বয় উন্নয়ন সমিতি (VCDC)ৰ সভাপতি চুৱান দৈমাৰীয়ে চাইকেল বিতৰণ অনুষ্ঠানটি শুভ উদ্বোধন কৰে ।বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত উদ্বোধক দৈমাৰীয়ে কয় বৰ্তমান চৰকাৰে বিদ্যালয় আৰু ছাত্র-ছাত্ৰীৰ উন্নয়ন আৰু হিতাৰ্থে আগবঢ়োৱা বিভিন্ন আচনিসমূহে সকলোকে উপকৃত কৰিছে ।এই আচনিসমূহৰ দ্বাৰা শৈক্ষিক যাত্ৰাত ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি যোৱাত বাৰুকৈয়ে সহায়ক হৈছে ।তেওঁ গেলাবিল হাইস্কুলৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে ইতিমধ্যে বিদ্যালয়খনৰ চৌহদৰ আৰ্থফিলিং লগতে বৃক্ষ ৰোপণ আৰু চৌহদৰ বেৰ নিৰ্মাণৰ আচনি গ্ৰহণ কৰা হৈছে ।

আমন্ত্ৰিত অতিথি আসনৰ পৰা ইউ পি পি এল ৰৌতা ব্লক কমিটিৰ সম্পাদক হৰেণ বসুমতাৰীয়ে চমু বক্তব্যত ছাত্র-ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰাবিৰত থাকিবলৈ আহ্বান জনায় । যিহেতু সমাজৰ একাংশ ছাত্ৰ-ছাত্রীয়ে বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰি স্খলিত হৈ নিজেই নিজৰ জীৱন ধ্বংস কৰিছে।সহ:শিক্ষক্দ্বয় ক্ৰমে দেৱী প্ৰসাদ উপাধ্যায়ে আতধৰা ,অতুল চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা সভাখনৰ শুভ-প্ৰাৰম্ভণ হয় ছাত্ৰীৰ এটি দলে পৰিবেশন কৰা সাহিত্য-ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কালজয়ী গীত ‘আমি অসমীয়া নহও দুখীয়া, কিহৰ দুখীয়া হ’ম ‘ -শীৰ্ষক সংগীতেৰে ।শিক্ষকদ্বয়  বীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু প্ৰণৱ চুবেদীৰ পৰিচালনাত ৩২ নিৰ্বাচিত BPL ছাত্রক উদ্বোধক , সভাৰ সভাপতি,অতিথি, শিক্ষাগুৰুসকলে সমূহীয়াভাৱে চাইকেলসমূহ বিতৰণ কৰে ।সভাত উপস্থিত থাকে একাধিক গণ্যমান্য ব্যক্তি আৰু ইউ পি পি এল দলৰ বিষয়ববীয়া ক্ৰমে কেশৱ বসুমতাৰী,জিতেন বৰা, ললিত ডেকা, অঞ্জিত দৈমাৰী,বাপন দৈমাৰী আদি । সভাপতি প্ৰদীপ কুমাৰ দেই চৰকাৰে শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীলৈ আগবঢ়োৱা কল্যাণকামী আচনি সমূহৰ প্ৰশংসা আৰু শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক একাণপতীয়াভাৱে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনায় । শেষত শলাগৰ শৰাই আগবঢ়ায় শিক্ষক অতুল চন্দ্ৰ নাথে ।

You might also like