নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ দুর্ধর্ষ আলফা বোমা বিশেষজ্ঞ বিশ্বজিতৰ আত্মসমর্পণ

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ দুর্ধর্ষ আলফা সদস্য তথা বোমা বিশেষজ্ঞ বিশ্বজিৎ ডেকাই আজি আত্মসমর্পণ কৰে৷ লক্ষণীয় যে প্রায় এটা দশক পূর্বে ২০১০ চনৰ ৯ অক্টোবৰৰ দিনা দৰঙৰ কলাইগাঁৱৰ কদমতলা গাঁৱৰ পৰা পলাই গৈছিল স্থানীয় বৰপুখুৰী এম ই স্কুলৰ শিক্ষক অৰুণ ডেকাৰ পুত্র বিশ্বজিৎ ডেকা৷ উক্ত বর্ষত মেট্রিক পৰীক্ষাত অনুত্তীর্ণ হৈছিল বিশ্বজিৎ৷ পিতৃৰ ভাষ্যানুসৰি গণিতত ৫ নম্বৰ পোৱা বিশ্বই বাকীবোৰ বিষয়ত ৬০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল৷ গণিতৰ সেই ৫ নম্বৰে বিশ্বজিতৰ জীৱনৰ গণিতো সলাই দিলে৷ মাতৃয়ে অৱগত কৰা অনুসৰি ২০১০ চনৰ পৰা ২০২০ চনলৈ ম্যানমাৰত প্রশিক্ষণ আৰু শিবিৰ পৰিচালনাত জড়িত আছিল বিশ্বজিৎ৷

কাপোৰ চিলাইৰ পৰা ম’বাইল মেৰামতিলৈ সকলো শিকি লৈছিল বিগত দহ বছৰে৷ বোমা বিশেষজ্ঞজনে অসম–ৰুণাচলৰ সীমামূৰীয়া কোনো স্থানৰ পৰা ওলাই আহি উজনিৰ আন এজন সতীর্থৰ সৈতে অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে আৰু আজি অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–মহাপৰিদর্শক হীৰেন নাথৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমর্পণৰ ব্যৱস্থা কৰা হয়৷ ১০ বছৰৰ মূৰত কদমতলা গাঁৱত বিশ্বজিৎ সোঁশৰীৰে উপস্থিত হোৱাত স্থানীয় ৰাইজ, পৰিয়াল আনন্দিত হৈছে৷

আৰক্ষীৰ মতে, বিশ্বজিৎ আই ই ডিৰ পৰা ক্ষেণ বোমালৈ সকলো বোমা নির্মাণত পার্গত আৰু তেওঁ দৰং–ওদালগুৰিৰ বহু বিস্ফোৰণৰ সৈতে জড়িত আছিল৷ সমান্তৰালভাৱে কেইবাগৰাকী ব্যৱসায়ীৰ পৰা একালৰ দুর্ধর্ষ আলফা ৰাজেন ডেকা আৰু দীপক ডেকাৰে লগ লাগি ধন দাবী কৰাৰ লগতে কূটাঘাত সংঘটিত কৰিছিল৷

You might also like