বিশ্বনাথত প্রাক্তন আছু নেতাসহ সহস্রাধিকৰ ‘অজাপ’ত যোগদান
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ পৰিৱর্তন বিচাৰি সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঢ় লোৱা আপোচবিহীন মন্ত্রৰে দীক্ষিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ত আজি বিশ্বনাথত আনুষ্ঠানিকভাৱে যোগদান কৰে সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন কেন্দ্রীয় সহকাৰী সম্পাদক দুলদুল বৰকটকীসহ সহস্রাধিক ব্যক্তিয়ে৷ আজি অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত অনুষ্ঠিত যোগদান কার্যসূচীত বডো, কার্বি, উডিয়া, আদিবাসী আদি বিভিন্ন জাতি–জনগোষ্ঠীৰ সাংস্কৃতিক দল তথা সহস্রাধিক লোকৰ সৈতে সমদল কৰি অহা প্রাক্তন আছু নেতাগৰাকীয়ে ৰাজনৈতিক পথাৰত প্রৱেশ কৰিয়েই আগন্তুক দিনত অসম আৰু অসমীয়াৰ হকে আপোচবিহীনভাৱে সংগ্রাম অব্যাহত ৰখাৰ পণ লোৱাৰ লগতে বিশ্বনাথ জিলাত আঞ্চলিক শক্তিক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ অংগীকাৰবদ্ধ হয়৷ অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ মুখ্য আহ্বায়ক তথা একালৰ জাতীয়তাবাদী নেতা অমৃত হাজৰিকাৰ সভাপতিত্বত বিশ্বনাথৰ ভূপেন হাজৰিকা প্রেক্ষাগৃহত অনুষ্ঠিত এই সভাতে অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ লগতে বিশ্বনাথ সমষ্টিৰ আহ্বায়ক সমিতি দুখন গঠন কৰা হয়৷ সমিতি গঠনৰ প্রাক্ক্ষণত অনুষ্ঠানত উপস্থিত থকা অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক তথা অসম জাতীয় যুৱ শক্তিৰ মুখ্য সমন্বয়ক চিত্তৰঞ্জন বসুমতাৰীয়ে নিজৰ ভাষণত কয়– ‘ৰাজনীতিৰ বাবে আমি ৰাজনীতি কৰা নাই৷ আমি যুঁজিবৰ বাবে ৰাজনীতি কৰিছোঁ৷ আমি ৰাজনৈতিক প্রৱঞ্চনাৰ পৰিৱর্তনৰ পৰা পৰিত্রাণ পাবৰ বাবে ৰাজনীতি কৰিছোঁ৷ যিদৰে লাচিতে কৈছিল– দেশতকৈ মোমাই ডাঙৰ নহয়, ঠিক সেইদৰে আমি কৈছেছা জাতিতকৈ ককাই ডাঙৰ নহয়৷ সেইবাবে আমি ককাইৰ বিৰুদ্ধে যুঁজিবলৈ আহিছেছা৷’
প্রাক্তন আছু নেতা তথা ৰাজ্যিক আহ্বায়ক বসুমতাৰীয়ে আনকি আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ প্রয়োজনীয়তা দোহাৰি অসম জাতীয় পৰিষদলৈ অহাৰ কথা উল্লেখ কৰি কয়– ‘আমি ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই৷ আমি বেলেগ দললৈ যাব পাৰিলোঁহেঁতেন৷ কিন্তু বর্তমানৰ এই জটিল ক্ষণত কেৱল আপোচবিহীন আঞ্চলিক দলেহে অসমীয়াৰ হকে মাত মাতিব পাৰিব বুলি বিশ্বাস কৰোঁ৷’বসুমতাৰীয়ে অসম জাতীয় পৰিষদত দুলদুল বৰকটকীৰ যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰি দুলদুল বৰকটকীক এজন সেনাপতি বুলি অভিহিত কৰি এজন যোদ্ধা লাভ কৰা বুলি প্রকাশ কৰে৷ অসম গণ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদকৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা তথা বিশ্বনাথ জিলা সমিতিৰ আহ্বায়ক কন্দর্প হাজৰিকাই আঁত ধৰা সভাত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে ড০ হিমন্ত বিশ্ব শর্মাকো তীব্র সমালোচনা কৰে৷ জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ২০২১ চনত অসমক নীলা পতাকাৰে আৱৰিব লাগিব বুলি উপস্থিত ৰাইজৰ প্রতি আহ্বান জনায়৷ বসুমতাৰীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল জাতীয় নায়ক আছিল, কিন্তু এতিয়া নহয় বুলি দাবী কৰি ‘কা’ জাপি বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰিছে বুলি অভিযোগ তোলে৷ ইফালে, আজিৰ এই সভাত উপস্থিত থকা অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনে কয়– ‘আমি বডো ৰাইজক ধন্যবাদ জনাইছোঁ৷ কিয়নো বিটিচি নির্বাচনত আঞ্চলিক শক্তিক বডো ৰাইজে আগবঢ়াই দিছে৷ অসমত অসমৰ পৰা ৰাজনীতি হ’ব লাগে৷ দিল্লী, নাগপুৰ তথা ডুবাইৰ পৰা নিয়ন্ত্রণ হোৱা ৰাজনীতি নহয়৷ অসমৰ ভূমিৰ পৰা ৰাজনীতি হ’ব লাগিব৷’ অদীপ ফুকনে বিশ্বনাথৰ পৰাই দিছপুৰ দখলৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ ৰাজ্যিক আহ্বায়ক তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা জান বৰা, ৰাজ্যিক আহ্বায়ক হৰেন চুতীয়া, অশোক শইকীয়া, অপূর্ব দাস, গোপাল ফুকন, সংখ্যালঘু কোষৰ মিল্টন উৰিয়া, ড০ দুলেন বৰা, গহপুৰৰ নিত্য ভূঞা, লাৱণ্য শইকীয়া, অতুল ভূঞা, গোবিন্দ ডেকা, যতীন বৰা, হৰেন চুতীয়া, দিগন্ত বৰা, পলাশ বৰকাকতি, মৃদুল দাস, মুকুল শইকীয়া, ধর্মেশ্বৰ বৰঠাকুৰ, শান্তিমণি শইকীয়া, নিতু বৰদলৈ, মাণিক বৰা, দাদুল দাস, ৰমেশ হাজৰিকাকে ধৰি ৩ সহস্রাধিক ব্যক্তি এই যোগদান কার্যসূচীত উপস্থিত থাকে৷ আজিৰ এই সভাতে বিশ্বনাথৰ শাসকীয় আৰু কংগ্রেছ দলৰ ১৩গৰাকীকৈ ৱার্ড মেম্বাৰকে ধৰি মুঠ ১,১৩০গৰাকী ব্যক্তিয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা এজেপিত যোগদান কৰে৷ পৰৱর্তী সময়ত ১৩০জন ৱার্ড মেম্বাৰে যোগদান কৰিব বুলি জানিবলৈ দিছে জিলা আহ্বায়ক সমিতিয়ে৷