হাইদৰাবাদত আবদ্ধ ইটাখোলাৰ আফ্রিন আশ্রফক সহায়ৰ আহ্বান
নিয়মীয়া বাৰ্তা, ২ মেঃ লকডাউনৰ সময়ত ৰাজ্যখনৰ অধ্যয়নৰতবহু ছাত্র–ছাত্রী দেশৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ আছে৷ তেনেদৰে বিশ্বনাথ জিলাৰ ইটাখোলা উপ–আৰক্ষী চকীৰ অন্তর্গত ইটাখোলাৰ এগৰাকী মেধাৱী ছাত্রী বহিঃৰাজ্যত বহু অসুবিধাৰ মাজত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে৷
জানিব পৰা মতে, ইটাখোলাৰ ন–নম্বৰৰ আশ্রফ আনছাৰিৰ কন্যা আফ্রিন আশ্রফ হাইদৰাবাদস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা ২৪ মার্চত সম্পূর্ণ কৰে আৰু ঘৰলৈ ঘূৰি অহাৰ বাবে ছাত্রীগৰাকীৰ ২৮ মার্চৰ টিকটো কৰা আছিল৷ কিন্তু দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণবৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ছাত্রীজনীৰ অন্তিম পৰীক্ষাৰ দিনা অর্থাৎ যোৱা ২৪ মার্চত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা সমগ্র দেশত লকডাউন ঘোষিত হোৱাৰ পিছৰে পৰা ছাত্রীগৰাকী ভাৰাঘৰতে আবদ্ধ হৈ পৰে৷
লকডাউনৰ সময়তবহিঃৰাজ্যত আবদ্ধ হৈ থকা বিভিন্ন দৰিদ্র লোকৰ লগতে অধ্যয়নৰত ছাত্র–ছাত্রীসকলক অসম চৰকাৰে আগবঢ়োৱা নগদ ২০০০ টকা ছাত্রীগৰাকীয়ে পাবলৈ সক্ষম হৈছেবুলি ছাত্র–ছাত্রীগৰাকীৰ অভিভাৱকে জনাইছে৷ কিন্তু দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি তথা এই মহামাৰীৰ সৈতে যুঁজ দিবলৈ কালি কেন্দ্রীয় চৰকাৰে তৃতীয়লানি লকডাউন ১৭ মে’ পর্যন্ত বৃদ্ধি কৰাত ছাত্রীগৰাকী সম্পূর্ণ মানসিকভাৱে ভাঙি পৰিছে বুলি অভিভাৱকে জানিবলৈ দিয়ে৷
প্রথম আৰু দ্বিতীয়লানি লকডাউনৰ সময়ত বিভিন্ন অসুবিধাৰ মাজত আবদ্ধ ছাত্রীগৰাকীয়ে অতিবাহিত কৰিলে৷ ছাত্রীগৰাকীয়েবহুবাৰ অসম চৰকাৰৰ দ্বাৰা দিয়া হেল্প লাইন নম্বৰত ছাত্রীগৰাকীয়ে বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিও সক্ষম হোৱা নাই, লগতে ছাত্রীগৰাকীয়ে বিশ্বনাথ জিলা প্রশাসনক যোগাযোগ কৰিছে যদিও জিলা প্রশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত ছাত্রীগৰাকী মানসিকভাৱে ভাগি পৰিছে বুলি অভিভাৱকে জানিবলৈ দিয়ে৷