নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ লৰিয়েল বিউটি পাৰ্লাৰৰ কু-কাণ্ড সংঘটিতৰ অভিযোগ যুৱতীৰ

স্পাৰ নামত অনৈতিক কাৰ্যৰ প্ৰ্চেষ্টা আৰু গোপন অংগত স্পৰ্শৰ অভিযোগ

 

নিয়মীয়া বাৰ্তা,১৩ অক্টোবৰঃ দেৱী দুৰ্গাক পূজা-অৰ্চনাৰ পবিত্ৰ দিনটোতে যুৱতীক শ্লীলতা হানিৰ অভিযোগত আঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হ’ল আধুনিক চেলুন লৰিয়েলৰ কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত।অভিযোগ মতে দুৰ্গা পূজাৰ মহাষ্টমীৰ দিনাই বিশ্বনাথৰ এগৰাকী যুৱতীৰ শ্লীলতা হানি কৰাৰ ঘটনা পোহৰলৈ আহে।

ঘটনাৰ বিৱৰণী অনুসৰি,বিশ্বনাথ চাৰিআলিৰ লৰিয়েল বিউটি পাৰ্লাৰত স্পা-কৰিবলৈ যোৱা এগৰাকী যুৱতীক শ্লীলতা হানিৰ প্ৰ্চেষ্টা চলাই পাৰ্লাৰখনৰ মুকেশ ঠাকুৰ নামৰ বহিৰাগত লম্পটে।অভিযোগ মতে স্পাৰ নামত দেহৰ গোপন অংশত স্পৰ্শ কৰাৰ প্ৰচেষ্টা চলাই মুকেশ ঠাকুৰে।আজি এই সন্দৰ্ভত বিশ্বনাথ আছুৰ কাৰ্যালয়ত মুকেশক আঠু কঢ়াই অসমীয়া যুৱতীৰ ওপৰত এনে কু দৃষ্টি দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

উল্লেখ্য যে যোৱা ৮ছেপ্টেম্বৰত বিশ্বনাথৰ লৰিয়েল বিউটি পাৰ্লাৰৰ লম্পট ঠাকুৰগৰাকীয়ে সংঘটিত কৰা এই ঘটনাৰ পিছত লাজ আৰু ভয়ত যুৱতী গৰাকীয়ে কথাটো কাকো জনোৱা নাছিল যদিও শেষত এই অত্যাচাৰৰ কথা ব্যক্ত কৰি সাহসৰ পৰিচয় দিয়ে। লাজে অপমানে বিশ্বনাথ আছুৰ কাষ চপাৰ পিছতে লম্পট মুকেশ ঠাকুৰক আছু কাৰ্যালয়ত লৈ আনি আঁঠু কঢ়াই লপা-থপা দি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক চমজাই দিয়ে।আছুৰ দলটোৱে বহু দিনৰ পৰাই লৰিয়েল বিউটি পাৰ্লাৰত এনে কু-কাণ্ডৰ চলি থকাৰ অভিযোগ তুলি লৰীয়েল বিউটী পাৰ্লাৰখনত তলা লগাই দিয়ে।

এজন বহিৰাগতই কৰা কু-কাণ্ডৰ ঘটনাই বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নিজ ঘৰতে খিলঞ্জীয়া নিৰাপদ নোহোৱাৰ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তিৰো দাবী উঠিছে

You might also like