নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰৰ পৰা আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ঃ মুখ্যমন্ত্ৰী ড৹ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ: ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজলৈ সুখবৰ। অহা বছৰতে আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়। আজি ধুবুৰীত এই ঘোষণা কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে আজি মহা অষ্টমীৰ দিনা দুৰ্গোৎসৱ উপভোগ কৰিবলৈ ধুবুৰী জিলাত আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ ভাগত উপস্থিত হয় ধুবুৰীত। ধুবুৰীৰ গৌৰীপুৰৰ পৰা আহি পোনে পোনে ধুবুৰীৰ ঝগৰাৰপাৰৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ কাম–কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছত সাংবাদিকৰে হোৱা কথা–বতৰাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অহা বছৰৰ পৰা ধুবুৰী চিকিৎসালয় মহাবিদ্যালয়খন আৰম্ভ হ’ব বুলি ঘোষণা কৰে।

Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like