নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰত আজি মুখ্য মন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ পূজা অৰ্চনা

নিয়মীয়া বাৰ্তা, ১৩,অক্টোবৰ :- পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ  ঐতিহাসিক মহামায়া মন্দিৰত আজি মহাঅষ্টমীৰ দিনা এক আধ্যাত্মিক পৰিবেশৰ মাজত মা মহামায়া মন্দিৰত থকা দেবী মা মহামায়া ওচৰত আশীষ বিচাৰি বিশেষ পূজা অৰ্চনা প্ৰদান কৰে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । আজিৰ এই মা মহমায়া মন্দিৰৰ পূজা অৰ্চনা কৰা কাৰ্যসূচীত মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সংগ দিয়ে বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

এই পূজা অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পিছত   সাংবাদিকসকলৰ লগত হোৱা বাৰ্তালাভত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত চাৰিশ বছৰ পূৰণি মা মহামায়া মন্দিৰৰ পূজা আৰু ধুবুৰী জিলাৰ বহুতো পুৰণি পূজা  দৰ্শন কৰাৰ হেঁপাহ আছিল । মুখ্য মন্ত্ৰীয়ে লগতে কয় যে আজি ঐতিহাসিক মা মহামায়া মন্দিৰত উপস্থিত হৈ যথেষ্ট উৎফুল্লিত হোৱাৰ উপৰিও  মা মহামায়াই যাতে অসমৰ উণ্ণনয়ণ আৰু প্ৰগতিৰ যাত্ৰাত আগবাঢি থাকে তাৰে কামনা কৰে  । লগতে ঐতিহাসিক মা মহামায়া মন্দিৰৰ পৰিকাঠামগত উণ্ণনয়ৰ বাবে অহা নৱেম্বৰ মাহত এক উচ্চ পৰ্য্যায়ৰ দল মহামায়া মন্দিৰত আহি উন্নয়নৰ বাবে সকলো ধৰণৰ দিশ পৰ্যালোচনা কৰিব বুলি সাংবাদিকক অৱগত কৰায়।

You might also like