ভাৰতীয় জনতা পাৰ্টি বকো মণ্ডলৰ উদ্যোগত মুকলি বিহু উদযাপন
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল – অসমীয়াৰ স্বভিমানৰ প্ৰতীক ৰঙালী বিহু সমগ্ৰ ৰাজ্যতে উদযাপন কৰি থকাৰ সময়তে কামৰূপ জিলাৰ বকোতো পালন কৰিছে বকো মণ্ডল বি জে পিয়ে। আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ দক্ষিণ কামৰূপ জিলাৰ বকো মণ্ডলত ; মণ্ডল সমিতিৰ উদ্যোগত কাৰ্য্যালয় প্ৰাংগনত আয়োজন কৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ মুকলি বিহু। বকো মণ্ডল সমিতি বি জে পিৰ সভাপতি অশ্বিনী পাঠক আৰু সম্পাদক গৌতম দাসে জনোৱা মতে ; ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনা অনুসাৰে সকলোতে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আয়োজন কৰা হৈছে বিহুৰ কাৰ্য্যসূচী। আজি বকোত বি জে পিৰ দ্বাৰা আয়োজন কৰা মুকলি বিহুৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় বি জে পিৰ সম্পাদক নিলোপম দাস ; মহিলা নেত্ৰী অৰ্চিতা কলিতা ; বি জে পিৰ যুৱ মৰ্চাৰ বুদ্ধেশ্বৰ ৰাভা ; দলৰ বহু সংখ্যক কৰ্মী আৰু মহিলা। ইফালে সকলোৱেই বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ বাবে সাজি কাচি আহে আৰু বিহুৰ গীত মাত নৃত্য পৰিবেশন কৰে লগতে ৰাইজক বিহুৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।