নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মা কামাখ্য কৰিড’ৰঃ কাশী-বিশ্বনাথ-মহাকালৰ আৰ্হিত শক্তিপীঠ কামাখ্যাক ন-ৰূপ দিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: শক্তিপীঠ মা কামাখ্যা মন্দিৰক নতুন ৰূপত সজাই–পৰাই তুলিব অসম চৰকাৰে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে মা কামাখ্যা কৰিড’ৰ প্রকল্প এটা হাতত লৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  টুইটাৰযোগে অনাগত দিনত মা কামাখ্যা মন্দিৰৰ ৰূপ কেনেধৰণৰ হ’ব, সেই সম্পর্কত এক ভিডিঅ’যোগে অৱগত কৰে৷ জানিব পৰা মতে, বর্তমানৰ কামাখ্যা মন্দিৰ চৌহদৰ পার্কিং স্থানৰ পৰা মন্দিৰৰ মূল প্রৱেশ পথলৈ সমগ্র পথছোৱা বহল কৰা হ’ব৷ শক্তিপীঠত তীর্থযাত্রীৰ ভিৰ যথেষ্ট বৃদ্ধি হোৱাৰ পৰিপ্রেক্ষিতত কাশী, বিশ্বনাথ, মহাকালৰ আর্হিত সেই পথছোৱা বহল কৰিব৷ ইতিমধ্যে লোকনির্মাণ (গৃহ) বিভাগে ডিপিআৰ প্রস্তুতৰ কাম আৰম্ভ কৰিছে৷ সকলো ঠিকে–ঠাকে আগবাঢ়িলে অহা অম্বুবাচীৰ পাছতেই উক্ত কৰিড’ৰ প্রকল্পৰ কাম আৰম্ভ হ’ব৷ অহা দুইৰ পৰা আঢ়ৈ বছৰৰ ভিতৰত প্রকল্পটো সম্পূর্ণ হৈ উঠিব বুলি আশা কৰা হৈছে৷

You might also like