দুৱাৰমৰা পঞ্চায়তত খহনীয়া; কংগ্ৰেছ এৰি বিজেপিত সমূহীয়া যোগদান
নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ আজি মাৰ্ঘেৰিটা মহকুমাৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত কংগ্ৰেছ শাসিত দুৱাৰমৰা গাঁও পঞ্চায়ত আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি- উপসভাপতিকে ধৰি আটাইসকল নেতা আৰু ৱাৰ্ড সদস্যই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।
বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি হেমৰাজ শৰ্মাৰ নেতৃত্বত আজি বিজেপিত যোগদান কৰা কংগ্ৰেছী সকলৰ ভিতৰত দুৱাৰমৰা গাঁও পঞ্চায়তৰ সভাপতি টাৰ্জেন গড়, উপসভাপতি সুমিত্ৰা উৰাং, মণ্ডল কংগ্ৰেছৰ সভাপতি তুলসী প্ৰসাদ, উপসভাপতি বদন বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে সাহন উৰাং, অশোক মুণ্ডা আৰু চন্দন নায়ক, ৱাৰ্ড সদস্য বাবুল নায়ক আৰু জয় শংকৰ তাঁতীকে প্ৰমুখ্য কৰি আটাইসকল নেতা- কৰ্মী।
অৱশ্যে যোগাযোগৰ অভাৱৰ হেতু পঞ্চায়ত সদস্যা (কাউঞ্চিলাৰ) জিতুমাই মৰাণ আজিৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বাদ পৰি ৰয় বুলি জানিব পৰা গৈছে। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপিৰ বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ উপস্থিতিত অনুষ্ঠিত সভাত কংগ্ৰেছ দলৰ উক্ত নেতা- কৰ্মীয়ে দলেবলে যোগদান কৰে। বিজেপি দল আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ নীতি- আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰিয়েই উক্ত ব্যক্তিসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে বুলিও জানিব পৰা গৈছে।