নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ক’ভিড প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাত কৰণা টেষ্ট সংখ্যা বৃদ্ধিৰ নিৰ্দেশ দিয়াৰ পিছতে মৰিগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলা খনৰ বিভিন্ন স্থানত কৰুণা টেষ্ট ৰ ব্যৱস্থা কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও চহৰৰ বিহুতলিত আজি ৰেপিড এন্টিজেন টেষ্ট ৰ ব্যৱস্থা কৰা হয়। সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই।

উপায়ুক্ত ঋতুৰাজ বৰাই জানিব দিছে যে আজি দিনটোতে সৰ্ব মুঠ ১৩৭৮ টা টেষ্ট কৰা হয় আৰু ৫৩জন ৰোগী চিনাক্ত হৈ। কালিৰে পৰা প্ৰতিদিনে ১৬০০ টেষ্ট ৰ লক্ষ্যৰে আগবঢ়া হব বুলি প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ।

You might also like