ছয়গাঁও পাণ্টান সাততালুক পৰগনাত বিজেপিৰ কৃষক সন্মিলন
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনস্থিত ছয়গাঁও পান্টান সাততালুক পৰগনাত বিজেপিৰ ছয়গাঁও মণ্ডলৰ উদ্যোগত আৰু ছয়গাঁও মণ্ডল কিষাণ মৰ্চাৰ সহযোগত আজি দিনৰ প্ৰায় ১২ বজাত অনুষ্ঠিত হয় কৃষক সন্মিলন। ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ সভাপতি প্ৰফুল্ল মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই সন্মিলনখন।
বিজেপিৰ এই কৃষক সন্মিলনখনত ছয়গাঁও অঞ্চলৰ ৭গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা কৃষকসকল হ’ল বকলীপাৰাৰ ৰমাকান্ত ৰাভা, বিহদিয়াৰ হিৰু ডেকা, ধোৱাৰগাঁৱৰ প্ৰভাত মজুমদাৰ, বামুণীগাঁৱৰ মঞ্জয় ৰাভা, ধুমগাড়াৰ সুভাষ দাস, পশ্চিম ধূলিৰ শংকৰ নাথ আৰু ভাটীপাৰাৰ ভুবনেশ্বৰ মজুমদাৰ।
সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে সাংবাদিকৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনে কৃষকক উচিত মূল্য দিয়াৰ লগতে কৃষকসকলে উপযুক্ত মৰ্যাদা পাব। লগতে কয় যে বিজেপি দলেহে ৰাজ্যখনৰ জনতাক সুখ-শান্তি আৰু উন্নয়ন দিব পাৰিব।
এই সন্মিলনত বিজেপিৰ ছয়গাঁও সমষ্টিৰ তত্ত্বাৱধায়ক নিংকু হুজুৰী, কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সদস্য লক্ষ্যধৰ তালুকদাৰ, দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি মাণিক সিনহা, দক্ষিণ কামৰূপ জিলাৰ উপ-সভাপতি প্ৰদীপ চৌধুৰী, ছয়গাঁও মণ্ডলৰ প্ৰভাৰী লংকেশ্বৰ কলিতা, কিষাণ মৰ্চাৰ মণ্ডল প্ৰভাৰী ইন্দ্ৰজিৎ দাস, বিজেপিৰ অ’বিচি মৰ্চাৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ৰবীন নাথ, বিশিষ্ট সমাজকৰ্মী সোণাৰাম সাউদৰ লগতে কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে।