বিজেপিৰ দুটাকৈ কার্যালয় লণ্ডভণ্ড, এটাত অগ্ণিসংযোগ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ৫৬নং কমলপুৰ বিধানসভা সমষ্টিৰ বাইহাটা চাৰিআলি থানাৰ অন্তর্গত ননৰা আৰু কমলপুৰ থানাৰ অন্তর্গত পুঠিমাৰীত সমষ্টিটোৰ মিত্রজোঁটৰ প্রার্থী দিগন্ত কলিতাৰ দুটা নির্বাচনী কার্যালয় যোৱানিশা অচিনাক্ত দুর্বৃত্তই লণ্ডভণ্ড কৰে৷ সমষ্টিটোত নির্বাচনী প্রচাৰ তুংগত উঠাৰ সময়তে নির্বাচনী কার্যালয় দুটা লণ্ডভণ্ড কৰা ঘটনাই সমষ্টিটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি বাইহাটা চাৰিআলি থানাৰ অন্তর্গত ননৰা চ’কত থকা মিত্রজোঁটৰ নির্বাচনী কার্যালয়টো দুর্বৃত্তই ক্ষতি কৰাৰ লগতে কার্যালয়ত থকা আচবাবসমূহো লণ্ডভণ্ড কৰে৷ ইফালে পুঠিমাৰীত থকা কার্যালয়টোৰ বেনাৰ–পোষ্টাৰসমূহ ফালি–ছিৰি পেলোৱাৰ লগতে কার্যালয়টোৰো যথেষ্ট ক্ষতি কৰে৷ সমষ্টিটোত মিত্রজোঁটৰ প্রার্থী দিগন্ত কলিতা আৰু মহাজোঁটৰ প্রার্থী কিশোৰ কুমাৰ ভট্টাচার্যৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ ছবি স্পষ্ট হোৱাৰ পিছত নির্বাচনী হিংসা আৰম্ভ হোৱাৰ ঘটনাই শংকিত কৰি তুলিছে সমষ্টিবাসীক৷ সমষ্টিটোৰ ভাৰতীয় জনতা পার্টীৰ কর্মকর্তাসকলে এয়া কংগ্রেছৰ দুষ্কার্য বুলি অভিযোগ উত্থাপন কৰিছে৷ ভাৰতীয় জনতা পার্টীৰ প্রার্থী দিগন্ত কলিতাৰ বিজয় সুনিশ্চিত দেখি কংগ্রেছ কর্মীসকল হতাশাগ্রস্ত হৈ এনে কার্য সংঘটিত কৰাৰ অভিযোগ তুলিছে বিজেপিয়ে৷ ঘটনা সন্দর্ভত কমলপুৰ বিজেপিৰ তৰফৰ পৰা ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে৷
কলাইগাঁৱৰ ভূঞাখাটত বিজেপিৰ কার্যালয়ত দুর্বৃত্তৰ অগ্ণিসংযোগ
দ্বিতীয় পর্যায়ৰ নির্বাচনলৈ আৰু মাত্র এসপ্তাহ বাকী থকাৰ মুহূর্তত ৬৫নং কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত ভূঞাখাটত ভাৰতীয় জনতা পার্টীৰ নির্বাচনী প্রচাৰ কার্যালয়টো অচিনাক্ত দুষৃকতিকাৰীয়ে যোৱানিশা অগ্ণিসংযোগ কৰা কার্যত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ঘটনা সম্পর্কত জানিব পৰা মতে, যোৱানিশা ভাৰতীয় জনতা পার্টীৰ বিষয়ববীয়াসকলে কার্যালয়ৰ যাৱতীয় কাম–কাজ তথা নির্বাচনী প্রচাৰ সমাপ্ত কৰি ঘৰলৈ যোৱাৰ আধা ঘণ্টামানৰ পাছতে টংলা–মহলীয়াপাৰা পথৰ বৰঝাৰ, ভূঞাখাট চ’কত থকা বিজেপিৰ কার্যালয়টোত কোনো দুষৃকতিকাৰীয়ে অগ্ণিসংযোগ কৰে৷ নিশা প্রায় ৯,৩০ বজাত অগ্ণিকাণ্ডৰ ঘটনা দেখি বৰঝাগাঁৱৰ এজন ব্যক্তিয়ে দলীয় কর্মীক অৱগত কৰে৷ স্থানীয় লোক উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় আৰু ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰে৷ আনহাতে, এই কাণ্ডক কলাইগাঁও বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী মধুৰাম ডেকাই কঠোৰ ভাষাৰে গৰিহণা দি সকলো পক্ষকে শান্তি–শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়৷
ধুবুৰীত বিজেপিৰ প্রচাৰ গাডীত এআইইউডিএফ সমর্থকৰ আক্রমণৰ অভিযোগ
তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ধুবুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী প্রচাৰ ক্রমশঃ তুংগত উঠাৰ সময়তে ধুবুৰীত এক নির্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি আজি সন্ধিয়া ধুবুৰী বিধানসভা সমষ্টিৰ আদাবাৰীৰ পৰা ধুবুৰী চহৰ অভিমুখে আহি থকা বিজেপিৰ বগা ৰঙৰ এখন গাডীত এ আই ইউ ডি এফ কর্মীয়ে আক্রমণ কৰে৷ ঘটনা সন্দর্ভত গাডীখনৰ চালকে সদৰী কৰা মতে ধুবুৰী চহৰলৈ আহি থকা অৱস্থাত মাজবাটত এ আই ইউ ডি এফ দলৰ এখন পথ নির্বাচনী সভাৰ সন্মুখীন হৈছিল তেওঁলোক৷ সভাখনত থকা কেইজনমান ব্যক্তি দৌৰি আহি প্রচাৰ গাডীখনৰ মাইক বন্ধ কৰাৰ নির্দেশ দিয়ে৷ কিন্তু নির্দেশ মনা সত্ত্বেও গাডীখনত আক্রমণ কৰা হয়৷ এই ঘটনাটোত বিশেষ কোনো ক্ষয়–ক্ষতি নহ’লেও গাডীখনৰ চালকৰ ফালৰ সন্মুখৰ গ্লাছখন কিছু ক্ষতিগ্রস্ত হৈছে৷ আনহাতে, গাডীখনত থকা প্রেমা মাহাতো নামৰ যুৱকগৰাকীয়ে নিজৰ এফালৰ কাণৰ তলত সামান্য আঘাত পোৱা বুলি জানিবলৈ দিছে৷ ইতিমধ্যে এ এছ–১৭ এ–৮৪৫৫ নামৰ সেই গাডীখন ধুবুৰী সদৰ থানালৈ অনা হোৱা বুলি প্রকাশ৷