নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰচাৰ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ বিহপুৰীয়াত লাহে লাহে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চকুত লগা হৈ পৰিছে৷ শাসকীয় দলৰ প্ৰাৰ্থীসকলক জিকাবলৈ বিভিন্ন ৰণ কৌশল ৰচনা কৰি নিৰ্বাচনী ৰণত নামি পৰিছে৷ শাসকীয় দলৰ বিৰোধী শক্তি জেপিপি, দেউৰী জাতীয় ঐক্য মঞ্চ, কংগ্ৰেছ, নিৰ্দলীয় প্ৰাৰ্থীয়ে দেউৰী পৰিষদৰ নিৰ্বাচনী ৰণত জয় হ’বলৈ বিভিন্ন কৌশল ৰচনা কৰাত ইতিমধ্যে শাসকীয় দলৰ কৰ্ম-কৰ্তাসকল চিন্তিত হৈ পৰা বুলিও জানিব পৰা গৈছে৷ আনহাতে, বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কালি বৰদেউৰী সমষ্টিত মন্ত্ৰী পীয়ুয হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত আজি বিজেপিৰ ৰাজিক সভাপতিগৰাকীয়ে নাৰায়ণপুৰৰ কিনাপথাৰ সমষ্টিৰ মাজৰ চাপৰিত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ উক্ত নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়– ‘অহা পঁচিশ বছৰলৈ বিজেপিক কোনো দলে ৰুধিব নোৱাৰে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত তথা অসমৰ ৰাইজৰ যিমান উন্নয়ন আৰু বিকাশ সম্ভৱ হৈছে– তাৰ বাবেই ভোটাৰ ৰাইজে বিজেপিৰ ভেটি শক্তিশালী হ’লেহে ৰাইজৰ উন্নয়নৰো গতি অধিক খৰতকীয়া হ’ব৷’ বিজেপিৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাবলৈ ভোটাৰ ৰাইজক আহ্বান জনাই ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ সকলো ৰাইজৰ উন্নয়ন সাধনেই বিজেপি চৰকাৰ মূল লক্ষ্য৷ আপোনালোকে সদায় দেখি আহিছে যে বিগত কংগ্ৰেছ-অগপৰ চৰকাৰৰ দিনৰ তুলনাত আমাৰ চৰকাৰ বিজেপিৰ দিনত অভিলেখ উন্নয়ন হৈছে৷ বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ প্ৰতিজন লোকে চৰকাৰী লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে বিজেপিক ভোট দি বিজেপিৰ ভেটি অধিক শক্তিশালী কৰিবলৈয়ো তেওঁ আহ্বান জনায়৷ এশ বছৰৰ পুৰণি মন্দিৰ দহ লাখ টকা, এশ বছৰ পূৰ নকৰা মন্দিৰলৈ আঢ়ৈ লাখকৈ টকা, পূজাৰী সকলক এশ লাখকৈ টকা দিব বুলিও ৰাজ্যিক সভাপতিজনে ভাষণত প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপিৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীক বিপুল ভোটত বিজয়ী কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি প্ৰতি সমষ্টিতে দেউৰী ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা, ৰাস্তা-দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে৷ বিপুল জনসমাগম ঘটা মাজৰ চাপৰি নিৰ্বাচনী সভাত অনুষ্ঠিত উক্ত বিজেপি দলৰ নিৰ্বাচনী সভাত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিজেপিৰ ৰাজ্যিক সম্পাদক বিপুল ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মোবাচিৰ হোছেইন, ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়, অসম বাগিচা শস্য উন্নয়ন নিগমৰ উপাধ্যক্ষ প্ৰফুল্ল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, বিজেপিৰ লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ দলীয় মন্ত্ৰী আৰু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে৷

প্ৰেৰক জগত গগৈ

You might also like