ছিপাঝাৰৰ পাথৰিঘাটত বি জে পিৰ যূবমৰ্চাৰ সভাপতিক আক্ৰমণ:সৰ্বত্ৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২৪জুন: ভাৰতীয় জনতা পাৰ্টীৰ পাথৰিঘাট মণ্ডল যূৱমৰ্চাৰ সভাপতি ভূষণ চন্দ্ৰ ডেকা যোৱা নিশা আক্ৰমণৰ বলি হ’বলগীয়া ঘটনাই অঞ্ছলজুৰি তীব্ৰ চাঞ্ছল্যৰ সৃষ্টি কৰিছে।
নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানতেই ভ্ৰাতৃ মিণ্টু কুমাৰ ডেকা সমন্বিতে যূৱমৰ্চাৰ সভাপতি গৰাকীক স্হানীয় চফিকুৰ ৰহমানে আক্ৰমণ কৰে।ঘটনা সন্দৰ্ভত পাথৰিঘাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰ মৰ্মে যোৱা নিশা ৮-৪০ বজাত বড়িচৌকাৰ নিজা ব্যৱসায়িক প্ৰতিষ্ঠান ৰেইনব’ এণ্টাৰপ্ৰাইজত থকা অৱস্থাত ভূষণ ডেকাৰ ভ্ৰাতৃ মিণ্টু কুমাৰ ডেকাক একেটা অঞ্ছলৰে বৰকুমাৰপাৰাৰ চফিকুৰ ৰহমানে এহাজাৰ টকা দাবী কৰি তৰ্কত লিপ্ত হয়।
আনকি এহাজাৰ টকা দিবলৈ অপৰাগতা প্ৰকাশ কৰাত সোণৰ ছেইন পৰ্যন্ত আজুৰি নিয়াৰ লগতে বিভিন্ন ধৰণৰ গালি গালাজ পাৰি শাৰীৰিক ভাবেও প্ৰহাৰ কৰে।পিছত নিজ ভ্ৰাতৃক বচাবলৈ অহা ভূষণ ডেকাকো চফিকুৰ ৰহমানে চোকা অস্ত্ৰ আৰু দাৰে আঘাট কৰে যদিও স্হানীয় দুই এগৰাকী লোক আহি পৰিস্থিতি শান্ত কৰে যদিও তাৰ পূৰ্বে হাত-বাউসীত জখমৰ সন্মুখীন হয় ভূষণ ডেকা।অৱশ্যে পিছত দৰঙৰ উপ আৰক্ষী অধীক্ষক প্ৰমুখ্যে পাথৰিঘাট আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ চফিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।
ইফালে এজাহাৰখনত উল্লেখ কৰা মতে ভূষণ ডেকা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱাৰ বাবেই অভিযুক্ত চফিকুৰে বিভিন্ন সময়ত অশ্ৰাব্য আৰু কটু বাক্যবান প্ৰয়োগ কৰি আহিছিল।আনকি সংঘ পৰিয়াল আৰু ছিপাঝাৰৰ বিধায়কক সাঙুৰিও মন্তব্য কৰি আহিছিল।
উল্লেখ্য যে এজাহাৰ খনত চফিকুৰৰ পত্নী ৰুণু বেগম আৰু পুত্ৰৰ নামো উল্লেখ কৰিছে। ইফালে নিশাৰ ভাগত এনেদৰে দুই ভ্ৰাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নিশাৰ ভাগতে যূৱমৰ্চাৰ কৰ্মী সকল উপস্থিত হৈ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উণ্থাপন কৰিছে।
আনহাতে আজি দিনৰ ভাগতো ছিপাঝাৰ থানাত যূৱমৰ্চাৰ কৰ্মী সকল উপস্থিত হয়।যুৱ মৰ্চাৰ কৰ্মী সকলে এই ঘটনাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ কৰি, ভাৰতীয় জনতা পাৰ্টীৰ উণ্থানত শংকিত হৈয়েই এনেদৰে বি জেপি ৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰিছে।