নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত বিজেপিৰ সক্ৰিয় যুৱ কৰ্মীক খাদ্য সামগ্ৰী বিতৰণ ব্যৱসায়ী ধনঞ্জয় ডেকাৰ

নিয়মীয়া বার্তা, ১১ মেঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বাইহাটা চাৰিআলিৰ যুৱ কৰ্মী তথা ব্যৱসায়ী ধনঞ্জয় ডেকাই কভিড-১৯ ভাইৰাছে সমাজৰ সকলো দিশতে ভয়াবহতাৰ সৃষ্টি কৰাৰ সময়ত ৰাজ্যত চলি থকা প্ৰথম পৰ্যায়ৰ লক ডাউন পৰা‌ তৃতীয় পৰ্যায়ৰ লক ডাউনলৈ বাইহাটা চাৰিআলিত দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । অঞ্চলটোৰ আগডলা পঞ্চায়তৰ অন্তৰ্গত প্ৰতিটো দৰিদ্ৰ পৰিয়াল, নাপিত, হাজিৰা কৰা, বিধবা মহিলাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালক‌ চাউল ‌, দাইল,আলু, পিয়াজ, চেনী আদি কেইবিধমান অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি সংকটৰ সময়ত যাতে পৰিয়ালৰ কোনো লোকে লঘোণে থাকিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সামগ্ৰী সমূহ পৰ্যায় ক্ৰমে বিতৰণ কৰাত সকলোৰে প্ৰশংসাৰ পাত্ৰ হয় যুৱ কৰ্মী গৰাকীয়ে।

আজি তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টীৰ বেজেৰা মণ্ডলৰ অন্তৰ্গত ৮১নংআগডলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকা সক্ৰিয় সৰহসংখ্যক যুৱ কৰ্মীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে যুৱ কৰ্মী তথা ব্যৱসায়ী ধনঞ্জয় ডেকাই। সামাজিক দূৰত্ব বজায় খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যসূচীত উপস্থিত থাকে বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, আগডলা গাওঁ পঞ্চায়তৰ সভাপতি তিলক শৰ্মা‌ আৰু দলৰ সক্ৰিয় কৰ্মী দিলীপ সাজে উপস্থিত থাকে। লগতে বিতৰণ কাৰ্যসূচীত বিশেষ ভাৱে যুৱ কৰ্মী গৰাকীক সহায় কৰে ভাৰতীয় জনতা পাৰ্টীৰ আগডলা পঞ্চায়তৰ সক্ৰিয় কৰ্মী মৃগেন ডেকা,সুভাষ পাটোৱাৰী, মুকুট ডেকা,ৰিতুৰাজ কলিতা আৰু চন্দন শৰ্মা। যুৱ কৰ্মী তথা ব্যৱসায়ী গৰাকীয়ে ইয়াৰ পূৰ্বে নিজৰ ওপজা দিনত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অসম আৰোগ্য নিধি লৈ বৰঙণি আগবঢ়াই। লগতে পৰৱৰ্তী সময়তো সহায়ৰ বাবে সাজু থকা বুলি জানিবলৈ দিয়ে যুৱ কৰ্মী ধনঞ্জয় ডেকাই।

You might also like