নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত আন্তঃক্লাব ফুটবল লীগৰ সামৰণী অনুষ্ঠানত উপস্থিত বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ গ্ৰামাঞ্চলসমুহক খেলৰ দিশত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ খেলৰ উন্নয়নৰ বাবে ৰাজ্যৰ ৪০টা বিধানসভা সমষ্টিলৈ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১২ কোটিকৈ টকা ধাৰ্য কৰিছে ৷ ইয়াৰ উপৰিও জালুকবাৰী সমষ্টিৰ শুৱালকুছিত এখন বৃহৎ ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য প্ৰায় সমাপ্তৰ দিশে আগবাঢ়িছে ৷ ষ্টেডিয়ামখন নিৰ্মাণ হৈ উঠিলে বৃহৎ অঞ্চলটোৰ খেলুৱৈ সকল উপকৃত হব৷ এই মন্তব্য বিজেপি ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ ৷ আজি শুৱালকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা আন্তঃক্লাব ফুটবল লীগৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি তেওঁ ক্ৰীড়াক্ষেত্ৰ সমন্বয়ৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কথা উল্লেখ কৰি কয় যে বৰ্তমান ক্ৰীড়া সমগ্ৰ বিশ্বতে এক আকৰ্ষণৰ মাধ্যম হৈ পৰিছে ৷ বৰ্তমান সময়ত মানুহৰ জীৱনত ক্ৰীড়া এক এৰাব নোৱাৰা শৈলী হিচাবেও পৰিচিত হৈছে ৷ খেলা ধূলাই মানুহৰ মানসিক উৎকৰ্ষ সাধান কৰাৰ লগতে ভাতৃত্ববোধৰ এক নিদৰ্শনো দাঙি ধৰে ৷ প্ৰতিগৰাকী খেলুৱৈয়ে খেলুৱৈ সুলভ মনোভাৱৰে খেলত অংশ গ্ৰহণ কৰি ক্ৰীড়াক শান্তিৰ প্ৰাঙ্গণলৈ ৰূপান্তৰ কৰিবলৈ তেওঁ খেলুৱৈসকলক আহ্বান জনায় ৷ তেওঁ পুনৰ কয় যে উঠি অহা নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ শুৱালকুছি ক্ৰীড়া সন্থাই ক্লাব টুৰ্নামেণ্ট, স্কুল টুৰ্নামেণ্ট, জিলা টুৰ্নামেণ্ট আদি অনুষ্ঠিত কৰাৰ বাবে সন্থাৰ সকলো বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ শলাগ লয় ৷ সামৰণী অনুষ্ঠাত কৃতি শিক্ষাৰ্থী, যুৱ খেলুৱৈ আৰু অঞ্চলটোৰ প্ৰাক্তন খেলুৱৈ সকলক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা আৰু সন্থাৰ সভাপতি ডাঃ কাৰ্ত্তিক চন্দ্ৰ মেধি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে ৷

প্ৰেৰক দিলীপ মেধি

You might also like