নিয়মীয়া বাৰ্তা, ২৪জুনঃ আজি জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে বেজেৰা, শালমাৰা, খেহেনীপাৰা, শৰাইঘাট গাঁৱৰ ক্ষুদ্ৰ চুবা, দহ চুবা,গণক চুবা, কাকতি চুবা আদিত ৰাজ্যিক কৃষক মৰ্চা আৰু গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চাৰ সহযোগত বন্যাৰ্তৰ শিৱিৰত উপস্থিত হৈ বানপানী হৈ যোৱা অঞ্চলসমূহৰ ৰাইজক ফিনাইলৰ বটল আৰু ব্লিচিং পাউদাৰ বিতৰণ কৰা হয় ।
উক্ত কাৰ্য্যসূচিত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তথা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি শ্ৰীৰঞ্জিত ভট্টাচাৰ্য্য,গুৱাহাটী কামৰূপ গ্ৰাম্য অতিৰিক্ত আৰক্ষী অধীক্ষক আচীফ আহমেদ আৰু উওৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চা জিলা সভাপতি সঞ্জীৱ সমৰ ডেকা, জিলা সম্পাদক গংগাধৰ দাস, জিলা উপ সভাপতি পুলকেন্দ্ৰ পাটোৱাৰী,জিলা উপ সভাপতি দিব্যলতা বৈশ্য,জিলা সাধাৰণ সম্পাদক ভনিতা ডেকা লগতে বেজেৰা মণ্ডল সভাপতি দিলীপ ডেকা উপস্থিত থাকে ।