নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপিলীৰ বানত হেৰাল হোজাইৰ দুখন গাঁও : পানী কমাত নিজৰ আপোন ঘৰ বিচাৰি নাপাই কান্দোন বানাক্ৰান্তৰ

নিয়মীয়া বার্তা, ২৪ জুন :- ৰাজ্যৰ দ্বিতীয়টো বানত কপিলী নৈত বিলিন হল হোজাই জিলাৰ দুখন গাঁও । ইয়াৰে এখন লংকা ৰাজহ চক্ৰৰ আৰু আনখন হোজাইৰ। লংকা ৰাজহ চক্ৰৰ মানচিত্রত সন্নিবিষ্ট থকা নিজ গাওৰ প্ৰলয়ঙ্কাৰি বানৰ পিছত আপোনঘৰ খন বিচাৰি নাপাই হাহাকাৰ বানাক্ৰান্তই । নিজ গাঁও খন, নিজ ঘৰখন বিচাৰি নাপায় বানাক্ৰান্ত সকলে কান্দোনৰ ৰোল তুলিছে । এটা মাহৰ ভিতৰত অহা দ্বিতীয়টো বানত বিস্তৰ ক্ষতিগ্রস্ত হয় জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কপিলী নৈৰ পাৰত অধিকাংশ বিহাৰী সম্পদায়ৰ লোকে বসবাস কৰা ঠাইচুৱালী নামৰ গাওখন বৰ্তমান বিলিন হৈ গল কপিলী নৈত*।।কপিলী নৈৰ বানে বালি চাপৰীলৈ পৰিণত কৰে উক্ত গাওখন।। উক্ত অঞ্চলটোত এইবাৰ অহা বানৰ প্ৰকোপ বৃদ্ধি পোৱাত গাৱখনৰ ৰাইজে নিজৰ ঘৰ দুৱাৰ ত্যাগ কৰি নিজৰ প্ৰাণৰ মমতাত আশ্রয় লৈছিল সমীপৰ মথাউৰীত ।। উল্লেখ যে, হোজাই জিলাত কপিলী নৈৰ জলপৃষ্ঠ বিগত প্ৰায় চাৰিদিন ধৰি কমিবলৈ আৰম্ভ কৰে যদিও কপিলী নৈৰ গাতে লাগি থকা অঞ্চলসমূহত বিগত দুই মানৰ পৰাহে কমিবলৈ ধৰিছে । পানী কমাত, উক্ত অঞ্চল কপিলীপৰীয়া ৰাইজে নিজৰ ঘৰখন বিচাৰি হাবাথুৰি খাইছে।। কাৰণ নিজে এৰি থৈ অহা আপোন ঘৰখন বৰ্তমান নাই সেই স্হানত ।। সকলো জাহ গল কপিলী নৈত।। নিজৰ ঘৰখন বিচাৰি নাপাই হিয়াভাঙি কান্দিছে গঞাই । ঠিক তেনেদৰে হোজাইৰ কপিলীপৰিয়া এখন গাঁওৰ বানে চিন মোকাম নোহোৱা কৰে । গাঁওখনৰ নাম কানাই বালি টুপ । কোমোৰাকটা ৰাজহ গাঁওৰ গাতে লাগি থকা বন গাঁওৰ সমীপৰ এই গাঁওখনৰ এতিয়া কোনো চিন মোকাম নোহোৱা হল । কৃষিজীৱী প্ৰায় তিনিশ লোকে ঘৰ বাৰী সাজি উক্ত স্থানত বসবাস কৰি আছিল । এই গাঁওখন হোজাই ৰাজহ চক্ৰৰ মানচিত্ৰত আজিকোপতি অন্তৰ্ভুক্ত নোহোৱাত এই গাঁওখন বন গাঁও বুলি কয় । বঙালী, আদিবাসী আৰু হিন্দী ভাষী লোকে নৈৰ পাৰত খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল । প্ৰথমটো বানত ইয়াৰ লোক সকলে খেতি বাতি হেৰুৱাই আশ্ৰয় শিবিৰত আছিল । আশ্ৰয় শিবিৰৰ পৰা নিজ ঘৰলৈ গৈ পোৱাৰ কিছুদিন পিচয়েই অহা দ্বীতীয়টো বানত এই গাঁওৰ প্ৰায় চাৰিশ বিঘা মাটি এতিয়া কপিলীৰ বালিছৰলৈ ৰূপান্তৰিত হয় । ঘৰ দুৱাৰ সমস্ত বলিয়া বানে ভাঙি পেলোৱাত এই লোক সকল এতিয়া গৃহহীন হৈ পৰিল । বানৰ পিছত গাঁওখনৰ অস্তিত্ব নোহোৱা হৈ পৰাত গাঁও বাসী এতিয়া ক্ৰন্দনত ভাঙি পৰিছে । হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষে লংকা ৰাজহ চক্ৰৰ ঠাইচুপবালি গাঁওৰ বাসিন্দা সকলক যেনেদৰে আন ঠাইলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰিছে ঠিক তেনেদৰে হোজাইৰ কানাইবালিটুপ গাঁওখনৰ বাসিন্দা সকলকো স্থানান্তৰ কৰাৰ আহ্বান জনায়।
বিশেষ প্ৰতিবেদন কিশলয় দেৱগোস্বামী

You might also like